ক'ৰোনা - বঙাইগাঁৱৰ দেউৰীপাৰা বিষুৱা আৰু ৰঙালী বিহু সন্মিলনীৰ সাংস্কৃতিক অনুষ্ঠান বাতিল
বঙাইগাঁওঃ ২০ এপ্ৰিলঃ ৰাজ্য চৰকাৰে আজি ঘোষণা কৰা নতুন ক'ভিড বিধি তথা বৰ্তমানৰ ক'ৰোনা মহামাৰীৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বঙাইগাঁৱৰ দেউৰীপাৰা বিষুৱা আৰু ৰঙালী বিহু সন্মিলনীয়ে আজিৰ সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসীচী বাতিল কৰে ৷ আজি কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰ আৰু মৈত্ৰেয়ী পাটৰৰ সংগীতানুষ্ঠান আছিল ৷ উল্লেখ্য যে বঙাইগাঁও জিলাতো ক্ৰমাৎ ক'ভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আহিছে ৷ কিন্তু ইয়াৰ মাজতে ৰাজ্য চৰকাৰে ঘোষণা কৰা নতুন ক'ভিড বিধিয়ে উদযাপন সমিতিক শলঠেকত পেলাইছে ৷ কাৰণ বিহুৰ সাংস্কৃতিক অনুষ্ঠানত বহু লোকৰ সমাগম হয় ৷ সেয়ে এনে অৱস্থাত ভয়াৱহ ক'ৰোনাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে উদযাপন সমিতিয়ে শেষত সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ বঙাইগাঁৱৰ দেউৰীপাৰা বিষুৱা আৰু ৰঙালী বিহু সন্মিলনীয়ে তিনিদিনীয়া কাৰ্যসূচীৰে বিষুৱা আৰু ৰঙালী বিহু উদযাপন কৰিছিল ৷ ১৪ এপ্ৰিলত গৰু বিহু পালন কৰাৰ পিচত সোমবাৰে ( ১৯ এপ্ৰিল) বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰে ৷ কিন্তু নতুন ক'ভিড বিধিৰ পৰিপ্ৰেক্ষিতত আজি সাংস্কৃতিক অনুষ্ঠান বাতিল কৰে উদযাপন সমিতিয়ে ৷
প্ৰণৱ কুমাৰ ডেকা
বঙাইগাঁও
Comments
Post a Comment