বৰপেটা জিলাতো নতুন কোভিড ৰোগীৰ চেঞ্চুৰী, *সকলো প্ৰাথমিক বিদ্যালয় বন্ধ ঘোষণা

  বৰপেটা, ১৮ এপ্ৰিল : ৰাজ্যৰ অন্যান্য অংশৰ লগতে বৰপেটা জিলাতো ক্ৰমান্বয়ে কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বৰপেটা জিলাৰ সকলো নিম্ন প্ৰাথমিকৰ পৰা প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয় কাইলৈৰ পৰা অহা ৮ মে' পৰ্যন্ত বন্ধ ৰাখিবলৈ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই নিৰ্দেশ জাৰী কৰিছে।  ৰাজ্য চৰকাৰে শেহতীয়া ভাৱে ধাৰ্য কৰা নিয়মৰ আধাৰতে জিলা উপায়ুক্ত গৰাকীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে। এই নিয়ম চৰকাৰী  আৰু বেচৰকাৰী উভয় বিদ্যালয়ৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব। অৰ্থাৎ পঞ্চম শ্ৰেণীলৈ সকলো বিদ্যালয়ত পাঠদান বন্ধ থাকিব। এই সকল ছাত্ৰ-ছাত্ৰীক অন লাইন যোগে পাঠদান কৰিবলৈ শিক্ষানুষ্ঠান সমূহক নিৰ্দেশ দিয়া হৈছে। আনহাতে ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ নিয়মীয়া পাঠদান অব্যাহত ৰাখিবলৈ কোৱা হৈছে যদিও এই ক্ষেত্ৰত কোভিড নিয়মাৱলী সমূহ কঠোৰভাৱে মানি চলিবলৈকো আহ্বান জনোৱা হৈছে। উল্লেখযোগ্য যে  যোৱা ১ মাৰ্চৰ পৰা কালি সন্ধিয়ালৈ জিলা খনত কোভিড পজিটিভ ৰোগীৰ সংখ্যা শতাধিক হৈছে। কালিলৈকে জিলাখনত কৰোনা আক্ৰান্তৰ সংখ্যা হৈছে ১১৩ জন। ইয়াৰে ৬ জন সুস্থ হৈ উঠিছে আৰু ৩ জনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা