প্ৰসংগ কোভিদ : বিহু সমিতিলৈ অসম আৰক্ষীৰ কঠোৰ সতৰ্কবাণী

নিউজ ডেস্ক : দেশজুৰি সন্ত্ৰাস  সৃষ্টি কৰা মহামাৰী কৰোণাৰ পৰা ৰাজ্যবাসীক ৰক্ষা কৰিবলৈ বিহু সমিতিসমূহক কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে অসম আৰক্ষীয়ে। চছিয়েল মিডিয়াত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ পেজত প্ৰচাৰ কৰা সম্পূৰ্ণ বাৰ্তাটো হ'ল

" ক'ভিডৰ দ্বিতীয় লহৰৰ প্ৰকোপত আজি আমাৰ সমগ্ৰ দেশখন। অতিমাৰীত আক্ৰান্ত দেশৰ অৱস্থা দিনে দিনে বেয়ালৈ যাব ধৰিছে।

এই দুৰ্যোগৰ পৰা অসম বাসীক ৰক্ষা কৰিবলৈ @assampolice সদা তৎপৰ। অনাহুত পৰিস্থিতিৰ মোকামিলা কৰিবলৈ বিহু সমিতি সমূহৰ সক্ৰিয় সহযোগিতা আমাৰ কাম্য।
আপোনালোকে যেন বিহু অনুষ্ঠান পালন কৰোতে ক'ভিড নিয়মাৱলীৰ আখৰে আখৰে পালন কৰে। বিশেষতঃ নিশা ১১বজা পৰ্যন্ত অনুষ্ঠানৰ সামৰণি ঘট‍াতো বাধ্যতামূলক। ইয়াৰ ব্যতিৰেকে কঠোৰ পদক্ষেপ লোৱা হ'ব।
NO EXCUSES ।

লগতে নিয়মাৱলী পালন কৰা আয়োজক সকলক আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। "

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা