ৰঙিয়াত দৈনিক বৃদ্ধি পাইছে কোভিড পজিটিভঃ ৬ মহীয়া শিশু সহ ১১ গৰাকী পুনৰ সংক্ৰমিত

প্ৰতিবেদক, ৰঙিয়া, ২৪ এপ্ৰিলঃ
ৰঙিয়াত কোভিড ১৯ আক্ৰান্ত ব্যক্তিৰ সংখ্যা দৈনিক বৃদ্ধি পাই আহিছে ৷ কেৱল আজিৰ দিনটোতে ৰঙিয়া অসামৰিক চিকিৎসালয়ত ১১ গৰাকী ব্যক্তিৰ দেহত ক’ভিড- ১৯ প’জিটিভ ধৰা পৰিছে ৷ মহকুমাটোত দৈনিক ক’ভিড- ১৯ পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পাই অহাৰ সময়তো কিন্তু কিছু সংখ্যক জনসাধাৰণৰ মাজত বিশেষ সচেতনতা পৰিলক্ষিত হোৱা নাই ৷ ইপিনে ৰঙিয়া টাউন খনৰ বাদে  সমীপৱৰ্তী কেতবোৰ এলেকাৰ লোক সকলে মাস্ক পৰিধান লগতে সামাজিক ব্যৱধান আদি মানি চলা পৰিলক্ষিত হোৱা নাই। ইতিমধ্যে কমি গৈছে চেনিটাইজাৰ ব্যৱহাৰো ৷এনে অৱস্থাত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাই থকা কোভিড পজিটিভে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ শংকাত ভুগিছে সচেতন মহলে ৷ আনহাতে আজি ৰঙিয়া অসামৰিক চিকিৎসালয়ত ৪২ গৰাকীৰ ৰেপিড এন্টিজেন টেস্টৰ পিছত ১১ গৰাকীৰ শৰীৰত কোভিড সংক্ৰমণ ধৰা পৰে ।তেওঁলোকৰ ভিতৰত মুৰাৰাৰ (খৈৰাবাৰী) সঞ্জীৱ কলিতা (২৮)বালিসত্ৰৰ মনিকা কলিতা,(৪০), দ্বীজেন কলিতা (৩১),ভাৰ্ষিতা কলিতা (৭মাহ),ৰুনু কলিতা (২২),২নং নকুলৰ ৰজনী দাস(৬০), উদিয়ানাৰ ফিৰ্দৌচী চৈয়দ (২০), কেন্দুকোনাৰ নজৰুল ইছলাম (৩২),মাইকণ বেগম(৫৪) আৰু তঞ্জিম তাহৰিয়া(৬)। উল্লেখ্য যে ৰঙিয়া মহকুমা প্ৰশাসনে মাস্ক পৰিধান নকৰিলে এহেজাৰ টকা জৰিমনা ভৰিব লাগিব বুলি জনসাধাৰণৰ মাজত ব্যাপকভাৱে প্ৰচাৰো চলাই আহিছে। মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব বজাই ৰাখি নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পালে সমূহ ৰাইজকে আহ্বান জনাইছে ।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments