বঙাইগাঁও জিলাত পুনৰ ২৩ জনৰ দেহত ধৰা পৰিল ক'ভিড - ১৯ প'জিটিভ

মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা ১৫১ জনলৈ বৃদ্ধি 

বঙাইগাঁওঃ ২১ এপ্ৰিলঃ বঙাইগাঁও জিলাত দৈনিক বৃদ্ধি পাই আহিছে মহামাৰী ক'ৰোনাত আক্ৰান্তৰ সংখ্যা ৷ জিলাখনত মঙলবাৰে ২৪ জনকৈ ব্যক্তিৰ দেহত ক'ভিড - ১৯ প'জিটিভ ধৰা পৰাৰ পিচত আজি পুনৰ ২৩ জনকৈ ব্যক্তি ক'ভিডত আক্ৰন্ত হোৱাটো ধৰা পৰিছে  ৷ জিলাখনত আজি নতুনকৈ ২৩ জন ব্যক্তিৰ দেহত ক'ভিড - ১৯ প'জিটিভ ধৰা পৰাত বৰ্তমান জিলাখনত মুঠ  সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা ১৫১ জনলৈ বৃদ্ধি পালে ৷ ইপিনে ৰাজ্য চৰকাৰে কালি সন্ধিয়া ৬ বজাৰ পৰা সকলো দোকান- পোহাৰ ,বজাৰ বন্ধৰ নিৰ্দেশনা জাৰি কৰাৰ পিছতো সেই নিৰ্দেশ বহুতে নেমানি নিৰ্দিষ্ট সময়ৰ পিছতো খোলা ৰখাত আজি জিলা প্ৰাশাসন আৰু আৰক্ষী প্ৰশাসনে চৰকাৰী নিৰ্দেশ কাৰ্যকৰীকৰণৰ বাবে নামি পৰে ৷ ছয় বজাৰ পিচতে কাৰ্যবাহী দণ্ডাধীশসহ আৰক্ষীয়ে চহৰখনৰ বিভিন্ন স্থানত মাইকযোগে দোকান- পোহাৰ বন্ধ কৰিবলৈ আহ্বান জনোৱাৰ লগতে বন্ধ নকৰা সকলক বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ সেইদৰে চহৰখনৰ বৰপাৰা শ্বহীদবেদী বজাৰ আদিও আৰক্ষীয়ে বন্ধ কৰি দিয়ে ৷ উল্লেখ্য যে আজিৰ দিনটোত জিলাখনত মুঠ ২,২১২ জন ব্যক্তিক এণ্টিজেণ্ট টেষ্ট আৰু আৰ টি পি চি আৰ টেষ্ট কৰা হৈছিল ৷ ইয়াৰ ভিতৰত ২৩ জন ব্যক্তিৰ দেহত ক'ভিড- ১৯ প'জিটিভ ধৰা পৰে ৷  

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা