ডবকাৰ টোলগেটত কৰ্মচাৰীৰ গুণ্ডাৰাজ≈≈অতিৰিক্ত ধন বিচাৰি বিহু দলক শাৰীৰিকভাৱে অপদস্থ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৭এপ্ৰিলঃ বিতৰ্কই লগ নেৰা হৈছে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা ডবকা টোলগেটক ৷ টোলগেটটোত নিয়োজিত কৰ্মচাৰীৰ চূড়ান্ত মইমতালি আৰু গুণ্ডাগিৰিৰ বাবে প্ৰায়েই টোলগেটটোত সঘনে বিক্ষিপ্ত ঘটনা সংঘটিত হৈ অহাৰ সময়তে সোমবাৰে পুনৰাই সংঘটিত হয় অনুৰূপ ঘটনা ৷ জানিব পৰা মতে, নগাঁও জিলাৰ বেবেজীয়াৰ দাঁতি কাষৰীয়া জামুগুৰিৰ বিহু নাচনী অংকুৰিমা বৰদলৈৰ "মৌ-কুঁহি" বিহুৱাদলটি দেওঁবাৰে দিনৰ ভাগত হোজাই জিলাৰ তিনি নম্বৰ কাকীত আয়োজিত এখন বিহু প্ৰতিযোগিতালৈ যায় ৷ যাওঁতে বিহু দলটিয়ে ডবকা টোলগেটত নিয়মমাফিক টোলগেটৰ কৰ পৰিশোধ কৰি কাকীলৈ যাত্ৰা কৰাৰ পিছত দলটিয়ে চৰকাৰী নীতি-নিৰ্দেশনা মানি নিশা এঘাৰ বজাৰৰ পূৰ্বে বিহু অনুষ্ঠান সামৰণি মাৰে ৷ কিন্তু বিহু দলটি নিশাটোৰ পৰৱৰ্তী সময় কাকীতে কটাই পিছদিনা মঙলবাৰে কাহিলি পুৱা জামুগুৰিলৈ বুলি প্ৰত্যাৱৰ্তন কৰে ৷ বিহু দলটি উভতি আহি পুৱা ঠিক চাৰি মান বজাত ডবকা টোলগেটত উপস্থিত হোৱাত টোলগেটৰ কৰ্মচাৰীয়ে চৰম মইমতালিৰে নিৰ্দিষ্ট পৰিমাণৰ কৰতকৈ অতিৰিক্ত ধন বিচাৰি বিহু দলটোক হাৰাশাস্তিৰ সন্মুখীন কৰায় ৷ তেতিয়া বিহু দলটিয়েও অতিৰিক্ত ধন দিবলৈ অমান্তি হোৱাত দলটোত থকা কেইবাজনো বিহুৱাক টোলগেটটোৰ মতগৰ্বী কৰ্মচাৰীয়ে অভব্য আচৰণ কৰাৰ লগতে শাৰীৰিক ভাৱে অপদস্থ কৰে ৷ আনকি দাদাগিৰি প্ৰদৰ্শনেৰে উদণ্ড কৰ্মচাৰীয়ে বিহু দলটি অহা এ এছ-০২-এ চি ৩৫০৫ নম্বৰৰ "নীহাৰিকা" নামৰ উইংগাৰ গাড়ীখনৰ সন্মুখৰ গ্লাচ লোহাৰ ৰ’দেৰে ভাঙি পেলাই ৷ তদুপৰি দলটোক ওলোটাই "বিহুৰ নামত ব্যৱসায় কৰিবলৈ আহিছ" বুলি নানা অশ্লীল ভাষাৰে গালি-গালাজ পাৰি বিহুদলটোৰ সদস্য ৰাহুল বৰদলৈ আৰু যুগল বৰদলৈৰ লগতে বিহু নাচনী অংকুৰিমাৰ মাতৃ জুৰি বৰদলৈক শাৰীৰিকভাবে অপদস্ত কৰে টোলগেটটোত সেই সময়ত দায়িত্বত থকা কৰ্মচাৰীয়ে ৷ এনে পৰিস্থিতিত উপাহীন হৈ বিহু দলটোয়ে কোনোমতে নিজক বচাই তাৰ পৰা পাৰ হৈ আহি কঠীয়াতলি আৰক্ষী পহৰা চকীত সোমাই যদিও পুৱাই আৰক্ষীৰ কনিষ্টবল এজনকহে লগ পাই ঘটনাৰ বিষয়ে অৱগত কৰাত কনিষ্টবলজনে দলটোক ডবকা থানাতহে অভিযোগ দিবলৈ কয় ৷ তেতিয়া বিহুদলটি বিমূঢ়ত পৰি ১০০ টেলিফোন নম্বৰলৈ ফোন কৰি ঘটনাৰ সন্দৰ্ভত জ্ঞাত কৰাত তাৰপৰাও কোনো সঁহাৰি নেপাই অৱশেষত ঘৰ অভিমুখে ৰাওনা হয় ৷ এই ঘটনাই এতিয়া সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ উল্লেখ্য যে, ডবকা টোলগেটৰ কৰ্মচাৰীয়ে সেইদিনাই নগাঁৱৰ "ৰংশিঙা" নামৰ আন এটি বিহু দলৰ সদস্যকো অনুৰূপ ধৰণে অতিৰিক্ত কৰ বিচাৰি হাৰাশাস্তি কৰাৰ উপৰি শাৰীৰিকভাৱে অপদস্থ কৰা বুলিও জানিব পৰা গৈছে ৷
==================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা