মাজত এটা দিন, ৰাজ্যবাসীৰ মাজত উৎকণ্ঠাৰাজ্যত কোনে গঠন কৰিব পৰৱৰ্তী চৰকাৰ?

দীপজ্যোতি ডেকা : অসম বিধানসভা নিৰ্বাচন-২০২১ ৰ ফলাফল ঘোষণাৰ দিন ২ মেলৈ অপেক্ষা সকলোৰে।
তাৰ মাজতে কালি কেবাটাও সংবাদ গোষ্ঠীয়ে প্ৰকাশ কৰিছে এক্সিট পোল প্ৰতিবেদন । তাৰে তিনিটা গোষ্ঠীৰ প্ৰতিবেদন অনুসৰি ABP news ৰ মতে অসমত বিজেপিৰ মিত্ৰজোটে লাভ কৰিব ৫৮ ৰ পৰা ৭১ খন আসন, 
কংগ্ৰেছ মিত্ৰজোটে লাভ কৰিব -৫৩- ৬৬ খন আসন

zee news ৰ মতে অসমত বিজেপিৰ মিত্ৰজোটে লাভ কৰিব ৭৫ ৰ পৰা ৮৫ খন আসন, 
কংগ্ৰেছ মিত্ৰজোটে লাভ কৰিব -৪০- ৫০ খন আসন

times of india ৰ মতে অসমত বিজেপিৰ মিত্ৰজোটে লাভ কৰিব 79 খন আসন আৰু কংগ্ৰেছ মিত্ৰজোটে লাভ কৰিব ৪৫ খন আসন।

এই সমীক্ষাসমূহে কেবাটাও কথাৰ ইংগিত দিছে
অধিকাংশ এক্সিট পোলৰ মতে ৰাজ্যত এইবাৰ পুনৰ বিজেপি চৰকাৰ হোৱাৰ ইংগিত পোৱা গৈছে। ভোটগ্ৰহণৰ তৃতীয় পৰ্যায়ৰ পিছৰ পৰা কৰোণাজনিত কাৰণত ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ যেন কিছু পৰিমাণে নিস্তেজ হৈ পৰিছিল। ২ মেৰ দুই এদিন পূৰ্বে ৰাজনৈতিক চৰ্চা পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছিল যদিও এক্সিট পোলসমূহে এই সম্ভাৱনাত অধিক সাৰ পানী যোগাইছে। এক্সিট পোলে যিয়েই নহওক প্ৰকৃত ফলাফল ২ মেতহে ওলাব। এফালে যেনেকৈ বিজেপি মিত্ৰজোটৰ নেতা-কৰ্মী-সমৰ্থকসকলে এক্সিট পোল দেখি উৎফুল্লিত হৈ আছে আনপিনে কংগ্ৰেছ মহাজোট অথবা অখিল-লুৰিণপন্থীসকলৰ মুখত হতাশাৰ চিন পৰিলেও ২ মেৰ আশাত ৰৈ আছে। সাধাৰণ ভোটদাতা জনতাৰ মাজতো কেৱল ৰাজনৈতিক আলোচনাই বিৰাজ কৰিছে। মুঠতে ৰাজ্যজুৰি এতিয়া পুনৰ বলিব ধৰিছে ৰাজনৈতিক বতাহ।

Comments