নগাঁৱৰ চকলাঘাটত হালধি সনা কাৰ্য্যসুচী
দেৱব্ৰত বৰা,জাজৰি: পহিলা বহাগৰ দিনাই অসমীয়া জাতিৰ পৰম্পৰা জীয়াই ৰখাৰ প্ৰচেষ্টা এখন গাঁৱৰ। অাজি মানুহৰ বিহুৰ দিনাই হালধিৰ ৰঙেৰে ৰাঙলী নগাঁৱৰ চকলাঘাটৰ দৰঙীয়াল গাঁও। ঘৰে ঘৰে উলাইছে, ঘৰে ঘৰে সোমাইছে , উদ্দেশ্য হালধি সনাৰ। অাইতাৰ পৰা নাতিলৈকে ,জীয়ৰীৰ পৰা বোৱাৰীলৈ লগতে গাঁৱৰ ডেকাসকল সকলোৱে নতুন ৰঙেৰে ৰাঙলী হৈ অানন্দত অাত্মহাৰা হোৱা পৰিলক্ষিত হৈছে। সাতামপুৰুষীয়া পৰম্পৰা জীয়াই ৰখাত গাঁওখনে যি ভূমিকা পালন কৰিছে সেয়া অাজিৰ দিনত সচাই প্ৰসংশনীয়।
Comments
Post a Comment