বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবক ৰটাৰী ক্লাবৰ পিপিই কিট প্ৰদান

বঙাইগাঁওঃ ২৬ এপ্ৰিলঃ ক'ৰোনা মহামাৰীৰ ভয়াৱহতাৰ মাজতো সংবাদ মাধ্যমৰ লগত জড়িত সংবাদকৰ্মীসকলে সাৱধানতা অৱলম্বন কৰি নিজৰ কৰ্তব্য পালন কৰি আহিছে ৷ এনে পৰিপ্ৰেক্ষিতত সংবাদকৰ্মীসকলৰ সুৰক্ষাৰ কথা চিন্তা কৰি আজি বঙাইগাঁও শাখা ৰটাৰী ক্লাবৰ তৰফৰ পৰা গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবক পিপিই কিট প্ৰদান কৰে ৷ ৰটাৰী ক্লাবৰ হৈ সভাপতি পাৰ্থ দাস গুপ্তই বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সদস্যসকলৰ উপস্থিতিত ক্লাবৰ সভাপতি ৰঞ্জিত কুমাৰ শৰ্মা আৰু সাধাৰণ সম্পাদক প্ৰণৱ কুমাৰ ডেকাৰ হাতত পিপিই কিটসমূহ প্ৰদান কৰে ৷ বঙাইগাঁও ৰটাৰী ক্লাবৰ এই পদক্ষেপক বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবে শলাগ লোৱাৰ লগতে সভাপতিগৰাকীক ধন্যবাদ জ্ঞাপন কৰে ৷ ইপিনে ৰটাৰী ক্লাবৰ সভাপতিগৰাকীয়ে জানিবলৈ দিয়া মতে তেওঁলোকে বঙাইগাঁও আৰু চিৰং জিলাৰ কেইবাখনো ব্যক্তিগত খণ্ডৰ চিকিৎসালয় , মিছনাৰী হাস্পতালৰ লগতে বিধায়ক আদিকো পিপিই কিট প্ৰদান কৰিব ,যাতে তেওঁলোকে বিভিন্নজনক সহায় কৰিব পাৰে ৷ 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা