৭৪ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে নলবাৰীৰ ঘগ্ৰাপাৰত আৰক্ষী-গাঁওৰক্ষী বাহিনীৰ ব্যাপক তৎপৰতা*
*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১৩ আগষ্ট*
সমাগত ৭৪ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে নলবাৰী জিলা প্ৰশাসনৰ লগতে আৰক্ষী প্ৰশাসনে বিগত কিছু দিনৰ পৰা ব্যাপক তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে । আনহাতে জিলাখনৰ চাৰিওফালে কটকটীয়া নিৰাপত্তা ব্যবস্থা গঢ়ি তুলিছে । ইতিমধ্যে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাত যোৱা ১০ আগষ্টত আৰক্ষী শীৰ্ষ বিষয়াৰ লগতে অঞ্চলটোৰ বিভিন্ন দল-সংগঠনৰ মূৰব্বীৰ উপস্থিতিত এখন সজাগতা সভাও অনুষ্ঠিত হৈ যায় য'ত অসম আৰক্ষীৰ ডি আই জি ব্ৰজেন জিৎ সিনহা, নলবাৰী আৰক্ষী অধীক্ষক অমন জিৎ কৌৰ, ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়া নন্দিতা হাজৰিকা, ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীকে আদি কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে । উক্ত সভাতে ডি আই জি সিনহাই স্বাধীনতা দিৱসৰ সময়ত বিশেষ তৎপৰতাৰে নিছিদ্ৰ নিৰাপত্তা ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনায় । ইয়াৰ পিছতে ঘগ্ৰাপাৰ থানা এলেকাকে ধৰি জিলাখনত ৭খন আৰক্ষী থানা আৰু ৪খন আৰক্ষী চকীৰ অধীনস্থ ৭০২খন চৰকাৰী নথিভুক্ত গাঁওৰক্ষী বাহিনীয়ে আৰক্ষীৰ নিৰ্দেশত নিজ নিজ এলেকাত পহৰা দিয়াৰ ব্যৱস্থা আৰম্ভ কৰিছে ।ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে জানিবলৈ দিয়ামতে ঘগ্ৰাপাৰ থানা এলেকাত কোনো দুস্কৃতি লোকে যাতে কোনোধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে প্ৰতিটো মূহূৰ্ততে সজাগ হৈ থকাৰ লগতে গাঁওৰক্ষী বাহিনীসমূহেও দিনে-নিশাই নিজ নিজ এলেকাৰ চৰকাৰী অনুষ্ঠান, ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ, ঘগ্ৰাপাৰ ৰেলৱে ষ্টেচন, মোবাইল টাৱাৰ, এ টি এম আদিত নিয়োজিত হৈ আছে । উল্লেখ্য যে ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত ১৪৫ টা পজ্ঞীয়নভুক্ত গাঁওৰক্ষী বাহিনীৰ কাৰ্যকৰ্তাই কৰ্তব্য পালন কৰি আহিছে বুলি চক্ৰ সংগঠক প্ৰদীপ কুমাৰ দাসে জানিবলৈ দিয়ে । ইফালে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পাটোৱাৰীসহ অৰ্ধ সামৰিক বাহিনীৰ জোৱানসকলে দুচকীয়া বাহন, ডাঙৰ যাত্ৰীবাহী গাড়ী, সৰু সৰু ব্যক্তিগত যান বাহন আদিত নিচিদ্ৰ তালাচী চলায় দুস্কৃতিকাৰীক চিনাক্ত কৰিবলৈ চোকা দৃষ্টি ৰাখিছে । ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত বাহাৰঘাট, বৰখালা, চতমা, নাৰপাৰা, বৰাজোল, আল্লিয়া, নাৰায়ণ গাঁও, খাতিকুছি, বালিতাৰা, দিহজাৰী আদি অঞ্চলত ব্যাপক নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে । ইফালে কোনো সন্দেহজনক ব্যক্তিৰ চালচলন অথবা কোনো গৰাকীবিহীন মোনা দেখা পালে তৎক্ষণাত আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে ৰাইজক আহ্বান জনাইছে ৷
*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*
Comments
Post a Comment