ফেচবুকত গুৱাহাটীৰ মাখনভোগ নামৰ ৰেস্তোৰাঁৰ বিজ্ঞাপনৰ ভুৱা প্ৰচাৰ কৰি দুষ্ট চক্ৰৰ ধন লুট, গোচৰ ৰুজু



ষ্টাফৰিপ'ৰ্টাৰ,,১৯ আগষ্ট।।।
চ'ছিয়েল মিডিয়া ফেচবুকত ভুৱা একাউণ্ট খুলি গুৱাহাটীত লকডাউনৰ পাছত প্ৰশাসনৰ নিৰ্দেশ মৰ্মে ৰেস্তোৰাঁ খোলাৰ পাছত  বিজ্ঞাপন প্ৰচাৰ কৰি এটা দুষ্ট চক্ৰই গ্ৰাহকৰ পৰা ধন লুট কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গুৱাহাটীৰ ফাঁচী বজাৰ, বৰাছাৰ্ভিছ, জু-ৰোডত থকা মাখন ভোগ নামৰ ৰেস্তোৰাঁ খন লকডাউনৰ বাবে বন্ধ হৈ আছিল। ৰেস্তোৰাঁখন চৰকাৰৰ নিৰ্দেশ মৰ্মে খোলাৰ মাজতে এটা দুষ্ট চক্ৰই চ'ছিয়েল মিডিয়াত ৰেস্তোৰাঁখনৰ নামত ভুৱা একাউন্ট খুলি ক'ম মূল্যত অফাৰ পাই  বুলি প্ৰচাৰ চলায়। ফেচবুকত লোভনীয় অফাৰ দেখা পাই একাংশ গ্ৰাহকে ধন আদায় দি বিভিন্ন খাদ্যবস্তু অৰ্ডাৰ দিয়ে। সু-খাদ্য দিয়াৰ কথা বাবে দুষ্ট চক্ৰটোৱে গ্ৰাহকৰ বহু পৰিমাণৰ ধন আত্মসাৎ কৰে। এই বিষয়ে জানিব পাৰি মাখন ভোগ
ৰেস্তোৰাঁ খনৰ স্বত্বাধিকাৰী সঞ্জয় আৰিয়াই ঘটনা সন্দৰ্ভত পল্টনবজাৰ থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৪৩/৬৬ (আই টি)/ ৪২০ নং ধাৰাৰ অধীনত থানাত ৫৩৩/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা