ৰঙিয়াত ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় পথ অৱৰোধঃ

ৰঙিয়াত ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় পথ অৱৰোধঃ 
এপ'ল মিল কাৰ্যক্ষম কৰিব নোৱাৰাটো বৰ্তমান চৰকাৰৰ চৰম ব্যৰ্থতা—ছাত্ৰ সন্থা

প্ৰতিবেদক, ৰঙিয়া , ২৫ আগষ্টঃ উত্তৰ পূৰ্বাঞ্চলৰ সমবায় খণ্ডৰ এসময়ৰ অত্যন্ত লাভ জনক  বস্ত্ৰোদ্যোগ ৰঙিয়া তুলসীবাৰী এপ'ল বস্ত্ৰোদ্যোগ আজি সংকটৰ গৰাহত। পূৰ্বৰ চৰকাৰৰ দৰে বৰ্তমান চৰকাৰৰো হেমাহি আৰু অমনোযোগিতাৰ ফলত বিগত প্ৰায় চাৰি বছৰৰ পৰা  উদ্যোগটোৰ চকা  বন্ধ হৈ আছে, এই অভিযোগে স্থানীয় ৰাইজ তথা ছাত্ৰ সন্থাৰ । উদ্যোগটো বন্ধ হৈ যোৱাৰ ফলত কৰ্মহীন হোৱা শ্ৰমিক সকলোৰ একাংশই দাৰিদ্ৰতাৰ জ্বালা সহ্য কৰিব নোৱাৰি  আত্মহত্যাৰ দৰে চৰম পথ বাছি লৈছিল। কিছুমানে অৰ্থৰ অভাৱত বিনা চিকিৎসাত অকালতে মৃত্যু মুখত পৰিছে। যি কেইগৰাকী শ্ৰমিকে এতিয়াও দিন হাজিৰা কৰি, ঠেলা চলাই অৰ্ধাহাৰে, অনাহাৰে কোনোমতে  দিন কটাই আছে তেওঁলোকৰ  পানীত হাঁহ নচৰা অৱস্থা হৈছে। উদ্যোগটো পুনৰুজ্জীৱিত কৰাৰ দাবীৰে দীৰ্ঘদিন বহু আন্দোলন কৰা হ'ল, বহুতো আবেদন নিবেদন কৰা হ' ল কিন্তু কোনো ফল নধৰিল। বিগত স্বাধীনতা দিৱসৰ দিনাও সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৈদ্যগড় আঞ্চলিক ছাত্র সন্থাৰ সহযোগত দহ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰাৰ পিছতো চৰকাৰৰ তৰফৰ পৰা কোনোধৰনৰ সহাৰি নোপোৱাত আজি সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য আৰু কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাস আৰু কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক হেমন্ত দাসৰ নেতৃত্বত লগতে বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত স্থানীয় ৰাইজে তুলসীবাৰীত ভাৰত - ভূটান আন্তর্জাতিক ঘাইপথ অৱৰোধ কৰি তীব্র প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ হায় হায়, অকৰ্মণ্য বিধায়ক ভৱেশ কলিতা গো বেক, প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰা  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল হায় হায়, অনতিপলমে এপল মিল পুনৰুজ্জীৱিত কৰক আদি শ্লোগান দি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। এক সাক্ষাৎকাৰত ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাসে অহা সাত দিনৰ ভিতৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এপল উদ্যোগ সন্দৰ্ভত আলোচনা অনুষ্ঠিত কৰি উদ্যোগটো পুনৰুজ্জীৱিত কৰাৰ পথ প্ৰশস্ত নকৰিলে সন্থাৰ তৰফৰ পৰা ৰাইজৰ সহযোগত তীব্ৰতৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। এই আন্দোলনৰ ফলশ্ৰুতিত কোনোধৰনৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হলে তাৰ বাবে চৰকাৰ জগৰীয়া হব বুলি দাসে সকিয়াই দিয়ে। তেওঁ ৰঙিয়াৰ বৰ্তমানৰ বিধায়কক অকৰ্মণ্য বিধায়ক বুলি অভিহিত কৰে। তেওঁ কয় যে নিৰ্বাচনৰ আগত অসমৰ  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নিজে প্ৰতিশ্ৰুতি দিছিল,  স্থানীয় বিধায়ক ভৱেশ কলিতা ও বহু বাৰ প্ৰতিশ্ৰুতি দিলে কিন্তু মিলটো এতিয়া লৈ কাৰ্যক্ষম কৰিব নোৱাৰাটো বৰ্তমান চৰকাৰৰ চৰম ব্যৰ্থতা।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা