কামতা সাহিত্যৰত্ন অম্বিকাচৰণ চৌধুৰী দেৱৰ অসমীয়া সাহিত্যলৈ অৱদান ' শীৰ্ষক অনলাইন ৰচনা প্ৰতিযোগিতা

বঙাইগাঁও জিলা সাহিত্য সভা

'কামতা সাহিত্যৰত্ন অম্বিকাচৰণ চৌধুৰী দেৱৰ অসমীয়া সাহিত্যলৈ অৱদান ' শীৰ্ষক অনলাইন ৰচনা প্ৰতিযোগিতা

শিৱসাগৰৰ সুকুমাৰ বৰুৱাই প্ৰথম, বিলাসীপাৰাৰ ধনঞ্জয় সিনহাই দ্বিতীয় আৰু অভয়াপুৰীৰ তৰুণ কুমাৰ ৰায়ৰ তৃতীয় স্থান  লাভ


বঙাইগাঁওঃ ১৩ আগষ্টঃ বঙাইগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আৰু ৰত্নপীঠ প্ৰকাশনৰ সহযোগত কামতা সাহিত্যৰত্ন অম্বিকাচৰণ চৌধুৰীৰ ৯১ সংখ্যক জন্ম দিসৱ উপলক্ষে আয়োজন কৰা 'কামতা সাহিত্যৰত্ন অম্বিকাচৰণ চৌধুৰী দেৱৰ অসমীয়া সাহিত্যলৈ অৱদান ' শীৰ্ষক অনলাইন ৰচনা প্ৰতিযোগিতাৰ ফলাফল আয়োজক সমিতিয়ে ঘোষণা কৰিছে ৷ ঘোষণা কৰা ফলাফল অনুসৰি শিৱসাগৰ আমগুৰিৰ আউনী আটীয় হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ সুকুমাৰ বৰুৱাই প্ৰথম পুৰস্কাৰ , ধুবুৰী জিলাৰ বিলাসীপাৰাৰ ৮ নং ৱাৰ্ডৰ ধনঞ্জয় সিনহাই দ্বিতীয় পুৰস্কাৰ আৰু বঙাইগাঁও জিলাৰ অভয়াপুৰী সৃজনগ্ৰামৰ তৰুণ কুমাৰ ৰায়ে তীতৃয় পুৰস্কাৰ লাভ কৰিছে ৷ উল্লেখ্য যে পুৰস্কাৰ হিচাপে প্ৰথম পুৰস্কাৰপ্ৰাপ্তক নগদ
৫,০০১ টকা ,এখন মান পত্ৰ আৰু কিতাপৰ টোপোলা , দ্বিতীয় পুৰস্কাৰপ্ৰাপ্তক নগদ ৩,০০১ টকা ,এখন মান পত্ৰ আৰু কিতাপৰ টোপোলা আৰু তৃতীয় পুৰস্কাৰপ্ৰাপ্তক নগদ ২,০০১ টকা , এখন মান পত্ৰ আৰু কিতাপৰ টোপোলা আগবঢ়োৱা হ'ব ৷ পুৰস্কাৰসমূহ ১৬ আগষ্টত বঙাইগাঁও চহৰৰ বৰপাৰাৰ ৰত্নপীঠ ক্ষেত্ৰত প্ৰয়াত অম্বিকাচৰণ চৌধুৰীৰ জন্ম দিৱস উপলক্ষে আয়োজন কৰা সভাত প্ৰদান কৰা হ'ব বুলি বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি ৰমলা ৰায় সৰকাৰ ,সম্পাদক বিনোদ কুমাৰ বৰ্মণ আৰু ৰত্নপীঠ প্ৰকাশনৰ হৈ ৰূপাঞ্জলী দেৱীয়ে জানিবলৈ দিছে ৷ 


প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা