শিৱসাগৰৰ দূগ্ধ উদ্যোগত মধ্যভোগী দালালৰাজ : কভিড ১৯ৰ বিভীষিকাৰ আলম লৈ প্ৰৱঞ্চনা খাতিখোৱা পশু পালকক

 ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ১৮ আগষ্ট : কভিড ১৯ ৰ বিভীষিকা অব্যাহত আছে । কভিড ১৯ৰ আতংকময় পৰিৱেশৰ পৰিপ্ৰেক্ষিততে শিৱসাগৰৰ উচ্ছ আৰু নিম্ন মধ্য বিত্ত মানুহ বোৰৰ মাজত সৃষ্টি হৈছে বিলাই -বিপত্তি । দৈননন্দিন জীৱন যাত্ৰাত প্ৰভাৱ পৰিছে এতিয়া এই সকল ব্যক্তিৰ মাজত । এতিয়া উচ্চ আৰু নিম্ন পৰিয়াল বোৰৰ জীৱন যাত্ৰাত সৃষ্টি হোৱা জটিলতাৰ সমান্তৰালকৈ শিৱসাগৰৰ দূগ্ধ উদ্যোগটো  এতিয়া  এটা লোকচানৰ সন্মুখীন হৈছে । এই উদ্যোগটোৰ লগত যুগ যুগ ধৰি জড়িত হৈ পৰা এচাম গো-পালকৰ উপৰি ক্ষুদ্ৰ ক্ষুদ্ৰ দূগ্ধ ব্যৱসায়ী সকল শলঠেকত পৰিছে । উল্লেখ্য যে শিৱসাগৰ জিলাৰ দিচাংমুখৰ দিচাং চাপৰি , মাজুমেলীয়া , শান্তিপুৰ , জোৰডুবি , গোঁহাই গাওঁ , পাণবেচা , চৰাইপাৰা , লুৰুকী , ডিমৌমুখ আদি অঞ্চল সমুহ দূগ্ধ উৎপাদনত এক নাম থকা অঞ্চল । কেৱল দিচাং চাপৰিতে প্ৰায় হাজাৰোধিক পশু পালকে গো পালন কৰি দূগ্ধ উৎপাদন কৰি আহিছে । বৃত্ৰিছ আমোলৰে পৰা দিচাংচাপৰিত উৎপাদিত গাখীৰৰ এক সুনাম আছে। শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলত সম্পন্ন হোৱা বিয়া -সৱাহৰ নিচিনা মাংগিল অনুষ্ঠান সমুহ দিচাং চাপৰি আৰু পাশ্বৱৰ্তী এলেকাৰ দূগ্ধ পালক সকলৰ দ্বাৰা উৎপাদিত কৰা গাখীৰ ব্যৱহাৰ কৰিহে জনসাধাৰণে স্বাচ্ছন্দ্য অনুভৱ কৰি আহিছে ।  তদুপৰি শিৱসাগৰ বহু কেইখন মিঠাই তৈয়াৰ কৰা বিপনীতো দিচাং চাপৰিৰ দূগ্ধ ব্যৱহৃত কৰা হয় । যুগ যুগ ধৰি  এই পশু পালক সকলৰ পৰা দূগ্ধ সংগৃহিত কৰি এই বিপনী বোৰত  একাংশ ক্ষুদ্ৰ দূগ্ধ ব্যৱসায়ীয়ে যোগান ধৰি আহিছে । এই ক্ষুদ্ৰ দূগ্ধ ব্যৱসায়ী সকলে এই ব্যৱসায়ৰ লগত জড়িত হৈ পৰিয়াল পোহপাল দি আহিছে । প্ৰণিধানযোগ্য কভিড ১৯ৰ সন্দৰ্ভত চৰকাৰী প্ৰট'কলৰ বাবে এতিয়া এই ক্ষুদ্ৰ ব্যৱসায়ী সকল চুড়ান্ত অনিশ্চয়তাৰ গৰাহত পৰিছে । আজি প্ৰায় দুই -তিনিমাহ দিন ধৰি এই ব্যৱসায়ী সকল এক প্ৰকাৰে এৰা - ধৰাৰ মাজৰেহে এই ব্যৱসায় বৰ্তাই ৰাখিছে । অৱশ্যে দূগ্ধ যোগানৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা শিথিলতাৰ পৰিপ্ৰেক্ষিত শিৱসাগৰ আৰক্ষীয়ে মুষ্টিমেয় কেইজন মান  দূগ্ধ ব্যৱসায়ীক ব্যৱসায় অব্যাহত ৰাখিবৰ বাবে অনুমতি পত্ৰ প্ৰদান কৰাটোও   এই  ব্যৱসায়ত এক বিৰূপ প্ৰভাৱ পৰাৰ এক অন্যতম কাৰণ হিচাবেও বিবেচিত হৈছে । এনেদৰে এতিয়া আৰক্ষী প্ৰশাসনৰ অনুমতি লাভ কৰা যি সকল দূগ্ধ ব্যৱসায়ী আছে  সেই ব্যৱসায়ী সকলে পূৰ্বৰ পৰা গাখীৰ সংগ্ৰহ কৰি থকা গো পালক সকলৰ অবিহনে আন বিলাক গো পালকৰ পৰা দূগ্ধ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত অনিহাৰ প্ৰদৰ্শন কৰিছে বুলি জানিব পৰা গৈছে । যিহেতু শিৱসাগৰ নগৰৰ লগতে ইয়াৰ পাশ্বৱৰ্তী  ঠাই সমুহৰ কেইবা শতাধিক পৰিয়ালে দিচাং চাপৰিৰ লগতে ইয়াৰ নিকটৱৰ্তী পশু পালক সকলৰ দ্বাৰা উৎপাদিত দূগ্ধ সংগ্ৰহ কৰে। এতিয়া কভিড ১৯ৰ সংশয়ৰ বাবে শিৱসাগৰৰ এই পৰিয়াল সমুহে বহি: ঠাইৰ পৰা অনা গাখীৰ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত সংক্ষয়ত ভূগিছে । সেই সূত্ৰে আৰক্ষীৰ অনুমতি প্ৰাপ্ত দূগ্ধ ব্যৱসায়ী সকলে নিজৰ প্ৰয়োজনীয় দূগ্ধৰ পৰিৱৰ্তে অ-পৰ্যাপ্ত  দূগ্ধ সংগ্ৰহ কৰিবলৈ অনিহা প্ৰকাশ কৰিছে ।  এইদৰে এতিয়া এই সকল দূগ্ধ পালকে দূগ্ধ সংগ্ৰহৰ ক্ষেত্ৰত দেখুওৱা অনিহাৰ বাবে পশু পালক সকল অ-সহায়  হৈ পৰিছে । অন্যহাতে এতিয়া এনেবোৰ কাৰণতে নিজৰ উৎপাদিত দূগ্ধ বিক্ৰী কৰিব নোৱাৰি অসহায় হৈ পৰা এই পশু পালক সকলৰ ওচৰত এচাম মধ্যভোগীৰ আৰ্বিভাৱ ঘটিছে বুলি অভিযোগ উঠিছে । অভিযোগ অনুসৰি এই মধ্যভোগীৰ দলটোৱে এই পশু পালক সকলৰ পৰা প্ৰতি লিটাৰ গাখীৰ ২০ টকা দৰত ক্ৰয় কৰি ৫০ টকা পৰ্যন্ত দামত বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠানত বিক্ৰী কৰাৰ অভিযোগ উঠিছে । এই চক্ৰটোক নেতৃত্ব প্ৰদান কৰা ব্যক্তিয়ে পুৱা ৮-৯ খন সৰু গাড়ী দূগ্ধ উৎপাদিত বিভিন্ন স্থানলৈ প্ৰেৰণ কৰে আৰু এনেদৰে পানীৰ দৰত দূগ্ধ সংগ্ৰহ কৰি ডেৰগুণ অধিক দামত বিক্ৰী কৰে । এই  চক্ৰটোক নেতৃত্ব প্ৰদান কৰাৰ অভিযোগ উঠিছে জনৈক গিৰি উপাধিৰ এজন ব্যক্তিৰ বিৰুদ্ধে । আনহাতে এনে মধ্যভোগিৰ প্ৰভাৱ সমগ্ৰ জিলা খনৰ খাতিখোৱা পশু পালকে ভোগি পৰিয়াল পোহপাল দিয়াত হাবো - দাবো খাব লগা হৈছে |

শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা