শিৱসাগৰত স্বদেশ প্ৰেম মূলক অনলাইন কবিতা লিখা প্ৰতিযোগিতাৰ আয়োজন

শিৱসাগৰত স্বদেশ প্ৰেম মূলক অনলাইন কবিতা লিখা প্ৰতিযোগিতাৰ আয়োজন

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ২৫ আগষ্ট : অসম সাহিত্য সভাৰ শিৱসাগৰ জিলা কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি অঞ্জনা গগৈৰ সভাপতিত্ব  জিলা কবি সন্মিলনৰ এখনি অন লাইন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । সভাত সমগ্র বিশ্বত কভিড-১৯ ভাইৰাছৰ সংহাৰী ৰূপত স্তব্ধ হোৱা জনজীৱনৰ লগতে সামাজিক কৰ্মৰাজিৰ স্থবিৰ হোৱাৰ প্ৰতি লক্ষ্য কৰি সাহিত্য সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত অনলাইন যোগে এখনি কবিতা লিখা প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ সিদ্ধন্ত কৰিছে । তদুপৰি সমগ্র দেশত লকডাউনৰ প্ৰভাৱৰ লগতে সামাজিক দূৰত্ব মানি চলিব লগা হোৱাত অসম সাহিত্য সভাৰ শিৱসাগৰ জিলা কবি সন্মিলনেও এনেদৰেই অনলাইনত সভা আহ্বান কৰিব লগা পৰিস্থিতি উদ্ভৱ হৈছে বুলি মত প্ৰকাশ কৰে । লগতে জিলা কবি সন্মিলনৰ তৰফৰ পৰা এখনি অন লাইন কবিতাৰ লিখা প্ৰতিযোগিতা দেশপ্ৰেম মূলক কবিতাক কেন্দ্ৰ কৰি অনুষ্ঠিত কৰিব বুলি জানিব পৰা গৈছে |  জিলা কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি অঞ্জনা গগৈয়ে এই সুন্দৰ পদক্ষেপেৰে আয়োজন কৰা কবিতা প্ৰতিযোগিতাই অসমীয়া সমাজখনক অধিক উ$সাহ যোগোৱাৰ লগতে  ৰাইজৰ সমাদৰ লাভ কৰিব বুলি মতপোষন কৰে । যিহেতু বৰ্তমান  সময়তে সকলোৱে একেলগে সমবেত হোৱাৰ সম্ভাৱনাতীত । গতিকে এনেদৰে অনলাইনত এক প্ৰতিযোগিতা আয়োজন কৰাৰ সিদ্ধান্ত প্ৰশংসনীয় পদক্ষেপ |  জিলা সাহিত্য সভাৰ কবি সন্মিলনৰ এনে কাৰ্যসূচী সময়োচিত বুলি  প্ৰকাশ কৰাৰ লগতে অনলাইনত কবিতাৰ প্ৰতিযোগিতা আয়োজন কৰাৰ যাবতীয় ব্যৱস্থা হাতত লৈ  দেশ প্ৰেম মুলক কবিতাৰ এক প্ৰতিযোগিতা আয়োজন  কৰি  ১৭ চেপ্তেম্বৰ  প্ৰতিযোগিতাৰ অন্তিম তাৰিখ ঘোষণা কৰি কবি সকলক puzari2017@gmail.co অথবা ৯০৮৫০২৬৪৪৮ নম্বৰত কবিতা সমুহ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাই । সংগ্ৰহিত কবিতাৰ পৰা নিৰ্বাচিত কবিতা সমুহৰ এখনি কবিতাৰ সংকলন সাহিত্য সভাৰ জিলা কবি সন্মিলনে প্ৰকাশ কৰাৰ লগতে নিৰ্বাচিত প্ৰতিযোগী কেইজনক বিশেষ অনুষ্ঠানত পুৰস্কাৰ সমুহ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে । লগতে প্ৰতিযোগিতাৰ ফলাফল সমুহ ৰাজহুৱা জাননীৰ যোগেদি জনোৱা হব বুলি এক প্ৰেছ বাৰ্তাৰ যোগে জানিবলৈ দিয়ে ।
শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা