দূৰদৰ্শনত সম্প্ৰচাৰিত "শ্ৰীমন্ত শংকৰদেৱ" শীৰ্ষক ধাৰাবাহিকৰ সম্প্ৰচাৰ বন্ধৰ দাবী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ
অসমৰ সভ্যতা-সংস্কৃতিক অপমান≈≈দূৰদৰ্শনত সম্প্ৰচাৰিত "শ্ৰীমন্ত শংকৰদেৱ" শীৰ্ষক ধাৰাবাহিকৰ সম্প্ৰচাৰ বন্ধৰ দাবী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ#
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৩ আগষ্টঃ অসমীয়া সাহিত্য-কৃষ্টি-সংস্কৃতিৰ বৰভেটি প্ৰতিষ্ঠাৰে জাতীয় জীৱনক উজ্জীৱিত কৰি তোলা জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ জীৱন পৰিক্ৰমাক স্পৰ্শ কৰি ৰাষ্ট্ৰীয় দূৰদৰ্শন কেন্দ্ৰৰ জৰিয়তে সম্প্ৰচাৰিত হৈ থকা "শ্ৰীমন্ত শংকৰদেৱ" শীৰ্ষক ধাৰাবাহিকখনকলৈ সম্প্ৰতি ৰাজ্যৰ বৌদ্ধিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ কিয়নো ধাৰাবাহিকখনৰ ইতিমধ্যে সম্প্ৰচাৰিত হৈ যোৱা খণ্ড কেইটাত মহাপুৰুষজনাৰ ব্যক্তিত্ব, বৈষ্ণৱ ধৰ্ম দৰ্শনৰ লগতে অসমৰ গৰিমামণ্ডিত সভ্যতা-সংস্কৃতি তথা ঐতিহ্যক চূড়ান্তভাবে ভূ-লুণ্ঠিত কৰাৰ বিপৰীতে ইয়াক দৃষ্টিকটুভাবে উপস্থাপন কৰা হৈছে ৷ আনকি দূৰদৰ্শন কেন্দ্ৰত সম্প্ৰচাৰিত এই ধাৰাবাহিকখনৰ জৰিয়তে অসমীয়া সভ্যতাক বিকৃত ৰূপত উপস্থাপনৰ দ্বাৰা একপ্ৰকাৰে গুৰুজনাক অপমান কৰা কাৰ্যকলৈ এতিয়া গৰজি উঠিছে শ্ৰী শ্ৰীবটদ্ৰৱা থান পৰিচালনা সমিতি ৷ সেয়ে এই সন্দৰ্ভত বৃহস্পতিবাৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত এখনি সংবাদমেলৰ আয়োজন কৰা হয়। সংবাদমেলত অসমীয়াৰ অন্যতম পুৰুধা ব্যক্তি শ্ৰীমন্ত শংকৰদেৱক অপমানিত কৰা এনে ঘৃণনীয় কাৰ্যক গৰিহনা দিয়াৰ লগতে সম্পূৰ্ণ ভুল আৰু অপ-ব্যাখ্যাৰে দিল্লী দূৰদৰ্শন কেন্দ্ৰ ডি ডি-১ ত সম্প্ৰচাৰিত হৈ থকা বিতৰ্কিত এই ধাৰাবাহিকখনিৰ সম্প্ৰচাৰ অনতি পলমে বন্ধ কৰি ইয়াক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিবলৈ ৰাষ্ট্ৰীয় দূৰদৰ্শন কেন্দ্ৰৰ সঞ্চালকক দাবী জনাইছে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে। তদুপৰি ধাৰাবাহিকখনিত সেই সময়ৰ অসমৰ আৰ্থ সামাজিক আৰু সাংস্কৃতিক দিশক অতিকে পুতৌজনক ভাবে উপস্থাপন কৰাত ক্ষোভ প্ৰকাশ কৰি থান পৰিচালনা সমিতিয়ে ধাৰাবাহিক খনিৰ সম্প্ৰচাৰ বন্ধ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ব্যক্তিত্ব তথা সনাতন ধৰ্ম দৰ্শন অটুট ৰাখি অসমৰ ভক্ত প্ৰান ৰাইজক শংকাৰ পৰা মুক্ত কৰিবলৈ আহ্বান জনোৱাৰ লগতে ধাৰাবাহিকখনৰ পৰিচালক বিজয় শৰ্মা আৰু পৃষ্ঠপোষক লক্ষী নাৰায়ন ভলোক শীঘ্ৰেই ধাৰাবাহিক খন বন্ধ কৰি ইতিহাস ভালদৰে অধ্যয়ন কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে ৷ সংবাদমেলত থান পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ দেৱ গোস্বামী আৰু সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাকে প্ৰমুখ্য কৰি বহুকেইজন বিষয়-ববীয়া উপস্থিত থাকি ধাৰাবাহিকখনৰ সম্প্ৰচাৰ শীঘ্ৰে বন্ধ নকৰিলে আদালতৰ দ্বাৰস্থ হোৱাৰ সকীয়নি প্ৰদান কৰে ৷
==================
Comments
Post a Comment