নলবাৰীৰ সৰিয়হতলী ক্ৰীড়া প্ৰকল্পত চলিছে গ্ৰীণ গেলাৰীৰ কাম পূৰ্ণগতিত

ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২০ আগষ্ট*

৭৫,৬,৬৭২ লাখ টকা ব্যয়সাপেক্ষে সৰিয়হতলী ক্ৰীড়া প্ৰকল্পত গ্ৰীণ গেলাৰী স্থাপনৰ কাম দ্ৰুতগতিত চলি আছে । আশা কৰা হৈছে অহা ডিচেম্বৰ মাহৰ ভিতৰত গেলাৰীৰ কাম সম্পূৰ্ণ হৈ উঠিব । যোৱা ২৪ জুন তাৰিখে গ্ৰীণ গেলাৰীৰ আধাৰশিলা স্থাপন কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই । আধাৰশিলা স্থাপন কৰি বিধায়কগৰাকীয়ে অতি সোনকালে গেলাৰীৰ কাম সম্পূৰ্ণ কৰিবলৈ বিভাগীয় কতৃপক্ষক নিৰ্দেশ দিয়ে । সেইমৰ্মে নলবাৰীৰ ভাৰপ্ৰাপ্ত ক্ৰীড়া বিষয়া বিষ্ণুজ্যোতি কলিতাই গ্ৰীণ গেলাৰীৰ কাম সম্পূৰ্ণ কৰাৰ বাবে অহোপুৰুষাৰ্থ প্ৰচেষ্টা অব্যাহত ৰাখিছে । কাম সম্পূৰ্ণ হোৱাৰ লগে লগে নলবাৰী ৰাইজৰ বহুদিনীয়া সপোন এটি বাস্তৱত ৰূপায়িত  হ'ব । ইয়াৰ লগতে খেলপথাৰখনৰ কামো পূৰ্ণগতিত চলি আছে । ৬৬ বিঘা মাটি বছৰ বছৰ ধৰি এনেই পৰি থকাৰ পিছত বিধায়কগৰাকীৰ তৎপৰতাত সৰিয়হতলী ক্ৰীড়া প্ৰকল্পত কিছু পৰিমানে হ'লেও কাম হৈ থকা বাবে ক্ৰীড়াপ্ৰেমীসকলে উচ্চ প্ৰশংসা কৰিছে । লগতে বিধায়কগৰাকীৰ প্ৰচেষ্টাতে তাত এখন অত্যাধুনিক ষ্টেডিয়াম নিৰ্মাণ হ'ব বুলি সচেতন ক্ৰীড়াপ্ৰেমীসকলে আশা প্ৰকাশ কৰিছে ।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা