স্বাধীনতা দিৱস উপলক্ষে মধ্য গুৱাহাটী উন্নয়ন সমিতিৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰঃ



ষ্টাফৰিপৰ্টাৰ, ১৬ আগষ্ট : দেশবাসীয়ে ৭৪ সংখ্যক স্বাধীনতা দিৱস শনিবাৰে বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰে ৷৷ মধ্য গুৱাহাটী উন্নয়ন সমিতিয়ে স্বাধীনতা দিবসৰ লগত সংগতি ৰাখি এক বিনামূলীয়া স্বাস্থ্য পৰিক্ষা শিবিৰ অনুষ্ঠিত কৰে ৷ সমিতিৰ সাধৰন সম্পাদক ৰাজীব দাসে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি শনিবাৰে মাহানগৰীৰ পল্টনবজাৰত মধ্য গুৱাহাটী উন্নয়ন সমিতিয়ে বিনামূলীয়াকৈ সংবাদ কৰ্মীৰ লগতে উপস্থিত থকা সাধাৰণ নাগৰিকৰ ব্লাড চুগাৰ , পেছাৰ’ পৰীক্ষা কৰা হয় ৷৷ ডা° অমিত ভি সিং আৰু সত্যজিত দাসে উপস্থিত থাকি চিকিৎসা প্ৰদানত সহযোগ কৰে ৷ উল্লেখ্য যে স্বাস্থ্য পৰীক্ষাৰ অন্তত সমিতিৰ তৰফৰ
 পৰা বিনামূলীয়াকৈ মাল্টিভিটামিন টেবলেট , মাস্ক আৰু ছেনিজাৰ বিতৰন কৰা হয় ৷ সমিতিৰ সভাপতি তথা প্ৰাক্তন মেয়ৰ মৃগেন শৰনীয়াই অনুষ্ঠানত উপস্থিত থাকি কয় কৰোনা মহামাৰিৰ বাবেই ব্লাড চুগাৰ ,বি
 পি টেষ্ট কৰিব বাবেই সাধাৰণ নাগৰিক যঠেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৷৷ইয়াৰ বাবে আজি কিছু পৰিমানে হলেও সাধাৰণ নাগৰিকক বিনামূলীয়াকৈ টেষ্ট কৰা হৈছে ৷ লগতে মাল্টিভিটামিন এই সময়চোৱাত অতিকৈ প্ৰয়োজন সেয়ে সমিতিৰ তৰফৰ পৰা কিছু পৰিমানে বিনামূলীয়া দিয়ে ৷ ইপানে মধ্য গুৱাহাটী উন্নয়ন সমিতিয়ে এনেকুৱা পদক্ষেপ লোৱাৰ বাবে অঞ্চলবাসী ৰাইজে ধন্যবাদ জ্ঞাপন কৰে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা