উত্তৰ কামৰূপৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য-আচাৰ্যা, কৰ্মচাৰীৰ ক'ভিড টেষ্ট সম্পন্ন

পঙ্কজ নাথ, চাংসাৰি, ২৭ আগষ্ট :

উত্তৰ কামৰূপৰ এখন আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতন। আজি উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত শৈক্ষিক পৰিৱেশ ঘূৰাই আনিবলৈ প্ৰথম প্ৰদক্ষেপ হাতত লোৱা হৈছে। উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ পৰিসৰ ক'ভিড মুক্ত কৰি ৰাখি নিকেতনে যাতে চৰকাৰী নিৰ্দেশ পোৱা মাত্ৰকেই শ্ৰেণীত পাঠদান আৰম্ভ কৰিব পাৰি তাৰবাবে ক'ভিড টেষ্ট প্ৰক্ৰিয়া আৰম্ভ কৰা হয় । আজি উত্তৰ গুৱাহাটী অভয়পুৰস্হিত প্ৰথমিক বিদ্যালয়ত চৰকাৰী স্বাস্থ্যকৰ্মীয়ে আচাৰ্য-আচাৰ্যাবৃন্দৰ লগতে কৰ্মচাৰীসকলৰ ক'ভিড টেষ্ট কৰে। ইতিমধ্যে নিকেতন পৰিসৰ চেনিটাইজ কৰা হৈছে। পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে পৰীক্ষণ প্ৰক্ৰিয়াত নিকেতনৰ প্ৰতি গৰাকী আচাৰ্য-আচাৰ্যাই এই টেষ্টত নিগেটিভ হিচাপে চিহ্নিত হোৱাৰ বিপৰীতে মাত্ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পুলক দাসৰ ক'ভিড পজিটিভ পোৱা যায়।
স্বাস্থ্য বিভাগ আৰু চৰকাৰী নীতি নিৰ্দেশনা মানি নিকেতনৰ শৈক্ষিক পৰিৱেশ ঘূৰাই অনা প্ৰয়াস অব্যাহত থাকিব। পৰিচালনা সমিতিৰ অনুৰোধ মৰ্মে প্ৰধান আচাৰ্য উৎপল তালুকদাৰৰ নেতৃত্বত ক'ভিড টেষ্ট কৰিবলৈ স্বেচ্ছাই আচাৰ্য-আচাৰ্যাবৃন্দৰ লগতে কৰ্মচাৰীসকল আগবাঢ়ি অহাৰ বাবে তেওঁলোকৰ আটাইকে ধন্যবাদ জনাইছো। বৃহত্তৰ উত্তৰ গুৱাহাটীৰ ভিতৰতে ক'ভিড টেষ্ট কৰা প্ৰথমখন নিকেতন হিচাপে চিহ্নিত কৰা হৈছে শংকৰদেৱ শিশু নিকেতন, উত্তৰ গুৱাহাটী। আজি নিকেতনৰ আচাৰ্য আচাৰ্যাৰ কভিড টেষ্ট সম্পন্ন হোৱাৰ পিছতে ইয়াৰ দশম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ ক'ভিড টেষ্ট কৰোৱাৰ বাবে সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা গৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা