চাকৰি নিয়মীয়াকৰণৰ বাবে মন্দিৰ মছজিদত পূজা অৰ্চনা কৰিব বেতন বঞ্চিত শিক্ষকে

আঠটা বছৰ বেতনৰ পৰা বঞ্চিত হৈ থকা শিক্ষকৰ পৰিয়ালত হাহাকাৰ* 

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ২১ আগষ্ট : শিৱসাগৰত বেতন বঞ্চিত প্ৰাথমিক শিক্ষকৰ  জৰুৰী সভাত চাকৰি নিয়মীয়াকৰণৰ বাবে মন্দিৰ - মছজিদত পূজা অৰ্চনা কৰাৰ পোষকতা । সামাজিক দূৰত্ব বজাই ৰাখি অনুষ্ঠিত কৰা সভাখন পৰিচালনা কৰে বেতন বঞ্চিত প্ৰাথমিক শিক্ষক সন্থাৰ সভাপতি কুশল বুঢ়াগোহাঁয়ে ।  উল্লেখ্য যে শিৱসাগৰ জিলাৰ ১৫৩০ গৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ উপৰিও ৰাজ্যৰ প্ৰায় বাৰ হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে বিগত আঠটা বছৰ বেতনৰ পৰা বঞ্চিত হৈ আছে । ৰাজ্যখনৰ বেতন বঞ্চিত প্ৰাথমিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত চৰকাৰৰ সৈতে  শিক্ষক প্ৰতিনিধিৰ বহুবাৰ আলোচনা হৈ আহিছে যদিও বৰ্তমানেও সমস্যা সমাধান হোৱা নাই ।যাৰ পৰিপ্ৰেক্ষিতত শিক্ষক সকলে বিগত দিনত বিভিন্ন গণতান্ত্রিক আন্দোলনৰ কার্যসূচী গ্রহণ কৰা দেখা গৈছিল । প্ৰতিটো কার্যসূচীৰ অন্তত চৰকাৰী পক্ষই কেৱলমাত্ৰ আশ্বাস প্রদান কৰি অহা কাৰ্যক আজিৰ সভাই তীব্র ভাষাৰে গৰিহণা দিছে । শিক্ষক সকলৰ জীৱনক লৈ আজি  চৰকাৰখনে হেতালি খেলাৰ অভিযোগ উত্থাপন কৰিছে সভাপতি কুশল বুঢ়াগোহাঁয়ে । চৰকাৰী  নীতি অনুসৰি নিযুক্তি লাভ শিক্ষক সকলে দৰমহাৰ অভাৱত আজি হাহাকাৰ কৰিব লগা হৈছে, বহু শিক্ষকে উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যুবৰণ কৰিব লগা হৈছে । তাৰোপৰি একাংশ শিক্ষকে চাকৰি নিয়মীয়াকৰণৰ আশা বুকুত বান্ধিয়েই চাকৰিৰ পৰা অৱসৰ গ্রহণো কৰিব লগা হৈছে । 
           চৰকাৰী পক্ষই শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত বাৰম্বাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি অহাৰ পাছতো সমাধান নোহোৱাত অতি শেহতীয়াভাৱে সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাই ১৫ আগষ্টৰ ভিতৰত চাকৰি নিয়মীয়াকৰণৰ দাবী  জনাইছিল । এই দাবীৰ প্রতি কোনো সঁহাৰি নোপোৱাত অনাগত দিনত চাকৰি নিয়মীয়াকৰণ নোহোৱা পৰ্যন্ত ধাৰাবাহিক গণতান্ত্রিক আন্দোলনৰ কার্যসূচী গ্রহণ কৰাৰ বিষয়ে এক প্ৰেছ বাৰ্তা যোগে জানিবলৈ দিছে সন্থাৰ সাধাৰণ সম্পাদক বসন্ত নেওগে । ধাৰাবাহিক কার্যসূচীৰ প্ৰথম পদক্ষেপ হিচাবে চলিত মাহৰ ২৭ আগষ্টৰ দিনা শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত থকা ধৰ্মীয় অনুষ্ঠান বিলাকত শিক্ষক সকলে অসম চৰকাৰৰ মুখ্যমন্ত্রী আৰু বিত্তমন্ত্রী মহোদয়ৰ সুমতি বিচাৰি এক সৰ্বধৰ্মীয় পূজা অৰ্চনা আৰম্ভ কৰিব। সামাজিক দূৰত্ব বজাই ৰাখি উক্ত দিনা শিৱসাগৰৰ মাজ মজিয়াত থকা ঐতিহাসিক শিৱদৌল,কাষতে থকা  মছজিদ আৰু বিভিন্ন ধৰ্মৰ উপাসনা গৃহত পূজা অৰ্চনা আৰম্ভ কৰাৰ  বিষয়ে সদৰী কৰিছে শিক্ষক সন্থাই । দীর্ঘদীনিয়া সমস্যাটো সমাধানৰ বাবে চৰকাৰক বাৰম্বাৰ অনুৰোধ জনোৱাৰ লগতে শিক্ষক সকলৰ দুখ দুৰ্দশাৰ বিষয়ে  কি মুখ্যমন্ত্রী কি বিত্তমন্ত্রী সকলোকে বহুবাৰ আবেদন নিবেদন জনোৱাৰ উপৰিও  তেওঁলোকৰ শ্ৰী চৰণত শৰণ লৈছিল বুলিও বিবৃতিত উল্লেখ্ কৰিছে । কিন্তু শিক্ষক সকলৰ কৰুণ কাহিনীয়ে তেওঁলোকৰ অন্তৰত স্থান নাপালে বুলি তীব্র অসন্তুষ্টি প্ৰকাশ কৰিছে সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক বসন্ত নেওগে বৃবিতিোত উল্লেখ কৰিছে । লগতে শিক্ষকে প্ৰাপ্য অধিকাৰৰ দাবীত মন্দিৰ মছজিদত শৰণাপন্ন হবৰ বাবে আগবাঢ়ি অহা দেখা গৈছে । এখন গণতান্ত্রিক কল্যাণকামী ৰাষ্ট্ৰৰ নাগৰিক তথা চৰকাৰী কৰ্মচাৰীয়ে মাহিলি বেতন কেইটাৰ বাবে পূজা অৰ্চনা কৰিব লগা বিষয়টো অতি দুৰ্ভাগ্যজনক বুলি সচেতন মহলত এক ব্যাপক চর্চা হোৱা  দেখা গৈছে |  ইয়াৰোপৰি জিলা খনৰ বেতন বঞ্চিত প্ৰাথমিক শিক্ষকৰ সমস্যা অহা  চেপ্তেম্বৰ মাহৰ ভিতৰত সমাধানৰ দাবী জনাইছে যৌথ সংগ্রামী মঞ্চই । বিভিন্ন  দল সংগঠনৰ সহযোগিতাত প্ৰাণ পাই উঠা যৌথ সংগ্রামী মঞ্চই আগষ্টৰ ভিতৰত সমস্যা সমাধান নহলে এক গণ আন্দোলন গঢ়ি তুলিব বুলিও জানিব পৰা গৈছে । এই সন্দৰ্ভত ইতিমধ্যে সংগ্রামী মঞ্চই শিৱসাগৰ জিলাৰ উপায়ুক্তৰ যোগেদি অসমৰ মুখ্যমন্ত্রী শ্ৰী সৰ্বানন্দ সোণোৱাল , বিত্তমন্ত্রী শ্ৰী হিমন্ত বিশ্ব শর্মা , মন্ত্রী শ্ৰী যোগেন মহন, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ শ্ৰী তপন কুমাৰ গগৈ, বিধায়ক শ্ৰী কুশল দুৱৰী আৰু শ্ৰী প্ৰদীপ হাজৰিকাক  স্মাৰক পত্র প্রেৰণ কৰিছে বুলি সন্থাৰ সভাপতি কুশল বুঢ়াগোহাঁই , সাধাৰণ সম্পাদক বসন্ত নেওগে প্ৰেৰণ কৰা প্ৰেছ বাৰ্তাত স্পষ্ট উল্লেখ কৰিছে ।

শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট |

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা