বিশিষ্ট সমাজকৰ্মী, ৰাজ‍্যিক কৃতী শিক্ষকৰ বঁটা প্ৰাপক জয়ৰাম কোঁৱৰৰ পৰলোক

ফাষ্ট নিউজ ৰিপৰ্ট, নাজিৰা, ২৬ আগষ্ট ::
 নাজিৰা মহকুমাৰ মেছাগড়ৰ বুঢ়াগোহাঁই গাঁৱৰ নিৱাসী,বিশিষ্ট সমাজসেৱী,  ৰাজ‍্যিক কৃতী শিক্ষকৰ বঁটা প্ৰাপক তথা ধৰ্মপ্ৰাণ ব‍্যক্তি জয়ৰাম কোঁৱৰৰ( ৯৪) কালি সন্ধিয়া বাদ্ধৰ্ক‍্যজনিত কাৰণত  পৰলোকগামী হয়।   বৃহত্তৰ মেছাগড়ৰ লগতে সমগ্ৰ অঞ্চলটোৰ শৈক্ষিক, সামাজিক, ধৰ্মীয় ক্ষেত্ৰখনৰ সৈতে জড়িত ব‍্যক্তিজনা ছাত্ৰ অৱস্থাৰ পৰাই সামাজিক কামকাজৰ লগত আত্মনিয়োগ কৰি আহিছিল ।আনুষ্ঠানিক শিক্ষা  সমাপনৰ পিছত  শিক্ষকতাৰ বৃত্তিত জৰিত হৈ পৰা ব‍্যক্তিজনাই মৰাণ, মঠিয়াছিগা অচলাপথাৰ প্ৰাথমিক বিদ্যালয়ৰ আৰু পৰৱৰ্তীকালত ন-মাটি শশীমাই গগৈ প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক ৰূপে যোগদান কৰে । এই বিদ‍্যালয়ৰ পৰাই প্ৰধান শিক্ষক হিচাবে ১৯৯০ চনত অৱসৰ গ্ৰহণ কৰে । এগৰাকী সৰল মনৰ, মৃদুভাষী নিষ্ঠাবান তথা আদৰ্শ শিক্ষক হিচাপে পৰিচিত শিক্ষকজনে শৈক্ষিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে অসম চৰকাৰে ১৯৮৪ চনত ৰাজ‍্যিক কৃতী শিক্ষকৰ বঁটাৰে সন্মানিত কৰে। শিক্ষকতাৰ সমান্তৰালভাৱে সামাজিক, ধৰ্মীয় ক্ষেত্ৰখনৰ লগত জড়িত ব‍্যক্তিজনাই মেছাগড়স্থিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী মাধৱদেৱ কলা কৃষ্টি ক্ষেত্ৰ, মেছাগড় কৃষক যুৱক সংঘ আদি অনুষ্ঠান গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল । তদুপৰি মাধৱদেৱ কলা কৃষ্টি ক্ষেত্ৰ পৰিচালনা সমিতিৰ সভাপতি আৰু সম্পাদকৰ দৰে দায়িত্বশীল পদত দীৰ্ঘদিন ধৰি কাৰ্য্যনিবাহ কৰিছিল ।  তদুপৰি শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ উদযাপন সমিতি, মেছাগড় মজলীয়া বিদ্যালয় পৰিচালনা সমিতি, ঐতিহাসিক মেছাগড় পুখুৰী উন্নয়ন সমিতি আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে বিশেষ ভাবে জড়িত আছিল । কৃতী শিক্ষক, সমাজসেৱীজনৰ মৃত্যুত বিভিন্ন অনুষ্ঠান -প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰাৰ লগতে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰে । মৃত্যুৰ সময়ত পত্নী, তিনিজন পুত্ৰ, তিনিগৰাকী বিবাহিতা কন‍্যা সহ   বহু আত্মীয়ক এৰি গৈছে ।
নাজিৰাৰ পৰা মুনীন্দ্ৰ নাথ শইকীয়া

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা