বঙাইগাঁৱত আন্তঃ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় দল

বঙাইগাঁৱত আন্তঃ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় দল 

জিলাখনত বান পানীৰ ফলত হোৱা ক্ষয়- ক্ষতিৰ বুজ ললে দলটোৱে 

বঙাইগাঁওঃ ২৭ আগষ্ট: বঙাইগাঁও জিলাত কিছুদিন পূৰ্বে হৈ যোৱা বান পানীৰ ফলত হোৱা ক্ষয়- ক্ষতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি জিলাখনত এক বিশেষ আন্তঃ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় দল উপস্থিত হৈ ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে ৷ উল্লেখ্য যে ৰাজ্যখনৰ আন আন জিলাৰ লগতে বঙাইগাঁও জিলাতো বান পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছিল। যোৱা ২৭ জুনৰ পৰা জিলাখনৰ মুঠ চাৰিটা ৰাজহ চক্ৰ ক্ৰমে সৃজনগ্ৰাম, বইটামাৰী, বঙাইগাঁও আৰু মানিকপুৰৰ অন্তৰ্গত বহু এলেকা বানৰ কৱলত পৰাত বিস্তৰ ক্ষতি হৈছিল। জিলাখনত সেই বানৰ ফলত হোৱা ক্ষয় -ক্ষতিৰ বুজ ল'বলৈ বঙাইগাঁৱত আহি উপস্থিত হয় আন্তঃ মন্ত্ৰণালয়ৰ এই বিশেষ কেন্দ্ৰীয় দলটি ৷ কলকাতাস্থিত কৃষি মন্ত্ৰালয়ৰ সঞ্চালক নৰেন্দ্ৰ কুমাৰৰ প্ৰতিনিধিত্বত অহা দলটোত গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ উপ-সচিব হৰিশ কুমাৰ বশিষ্ট আৰু এ.এছ.ডি.এম.এ ৰ তৰফৰ পৰা ৰাজ্যিক পৰ্য্যায়ত প্ৰ'ট'ক'ল বিষয়া হিচাবে অহা মিৰ্জা মহম্মদ ঈৰ্ষাদ আছিল। দলটো বিয়লি ৩.৩০ বজাত জিলাখনত উপস্থিত হৈ  পোনে পোনে মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ১ নং জাৰাগুৰি আৰু ২ নং জামদহা গাঁও পৰিদৰ্শন কৰি সেই স্থানসমূহত হোৱা ক্ষয়- ক্ষতিৰ বুজ লয়। এই দুয়োখন গাওঁৰ বহু এলেকা প্ৰায় ৪০ দিনতকৈও অধিক দিন পানীৰ কৱলত আছিল। দলটোৱে বালিয়ে ঢাকি পেলোৱা কৃষি ভূমি পৰিদৰ্শন কৰি সেই কৃষিভূমিৰ বৰ্তমানৰ গুণাগুণৰ লগত খাপ খোৱা শস্যৰ খেতি কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। আই নদী য'ত দুভাগ হৈছে সেইখিনি অংশও দলটোৱে পৰিদৰ্শন কৰে। ইয়াৰ উপৰিও দলটোৱে অস্থায়ীভাৱে বাহৰ পাতি থকা বানপীড়িত লোক সকলৰ সৈতে ভাৱ বিনিময় কৰে আৰু তেওঁলোকৰ পৰিস্থিতিৰ বুজ লয়। ইপিনে বান পৰিস্থিতিৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লোৱাৰ অন্তত নৰেন্দ্ৰ কুমাৰে এই সকলো ক্ষয়- ক্ষতিৰ এক সঠিক খতিয়ান যুগুত কৰি চৰকাৰলৈ প্ৰেৰণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। ইয়াৰ পিচতে দলটোৱে বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঃ এম এচ লক্ষ্মীপ্ৰিয়া তথা জিলা প্ৰশাসনৰ বিভাগীয় মুৰব্বী বিষয়া সকলৰ সৈতে বঙাইগাঁও আৱৰ্ত ভৱনত এখন সভাতো মিলিত হয় আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যে যুগুত কৰি থোৱা পাৱাৰ পইণ্ট প্ৰেজেণ্টেচন প্ৰত্যক্ষ কৰি প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়ায়। কেন্দ্ৰীয় দলটোৱে ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ সময়ত জিলা উপায়ুক্তগৰাকীৰ লগতে বিভাগীয় বিষয়া আদি উপস্থিত আছিল ৷ 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা