কংগ্ৰেছ - এআইইউডিএফৰ মিত্ৰতাই ক্ষতি নকৰে বিজেপি দলক - মন্ত্ৰী পৰিমল শুক্লবৈদ্য

কংগ্ৰেছ - এআইইউডিএফৰ মিত্ৰতাই ক্ষতি নকৰে বিজেপি দলক - মন্ত্ৰী পৰিমল শুক্লবৈদ্য

বঙাইগাঁৱত জৈৱ - বৈচিত্ৰ্য উদ্যানৰ আধাৰশিলা স্থাপন 

ৰাজ্যত  হ'ব ২৪ খন জৈৱ - বৈচিত্ৰ্য উদ্যান 

বঙাইগাঁওঃ ২৯ আগষ্টঃ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাই বৰাক উপত্যকাত কোনো ক্ষতি নকৰে বিজেপি দলক ৷ বৰং পূৰ্বতকৈ ভাল ফলাফল দেখুৱাব বিজেপি দলে ৷ বঙাইগাঁৱত আজি এই মন্তব্য আগবঢ়ায় ৰাজ্যৰ বন আৰু পৰিৱেশ , মীন তথা আৱকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ উল্লেখ্য যে মন্ত্ৰী শুক্লবৈদ্যই বঙাইগাঁৱৰ চিটিকাগাঁৱত জৈৱ বৈচিত্ৰ্য উদ্যান ( সাহিত্য মনীষী উপবন) এখনৰ  আধাৰশিলা স্থাপন  তথা গছ পুলি ৰোপন অনুষ্ঠানত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৷ তেওঁ লগতে কয় যে আজিৰ এই অনুষ্ঠানতে চাওক এ আই ইউ ডি এফ দলৰ দক্ষিণ অভয়াপুৰী সমষ্টিৰ বিধায়ক অনন্ত  কুমাৰ মালো উপস্থিত আছে ৷ ভাল কামত তেওঁলোকে সহযোগিতা কৰি আছে ৷ অৰ্থাৎ এ আই ইউ ডি এফ ৰ বিধায়ক গৰাকী আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাত এ আই ইউ ডি এফ দলৰ যে বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাম- কাজৰ প্ৰতি সমৰ্থন আছে তাকেই মন্ত্ৰীগৰাকীয়ে পাকে- প্ৰকাৰে বুজাব বিচাৰিছে ৷ মন্ত্ৰী গৰাকীয়ে লগতে কয় যে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ মাজত মিত্ৰতা হলেও বৰাক উপত্যকাত বিজেপি দলৰ কোনো ক্ষতি কৰিব নোৱাৰে ৷ বৰং লাভবানহে হ'ব বিজেপি দল ৷ তেওঁ এইটোও কয় যে বিগত নিৰ্বাচনতো কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ মাজত গোপন মিত্ৰতা আছিল ৷ তেতিয়া কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাটো আছিল পৰ্দাৰ ভিতৰত ৷ এতিয়া মিত্ৰতাটো পৰ্দাৰ বাহিৰত আহিছে ৷ সেয়ে এই মিত্ৰতাৰ ফলত যে কিবা প্ৰভাৱ পৰিব সেয়া মই নাভাৱো ৷ বৰং মই আজিৰ দিনটোত এই মিত্ৰতাৰ ফলত আমাৰ লাভহে হ'ব ৷ আমি এ আই ইউ ডি এফৰ বিধায়কক লৈ সভা - সমিতি কৰিছো ৷ গতিকে নিৰ্বাচন আহিলে তেৱোঁ ক'ব পাৰে যে বিজেপিক ভোট দিয়ক ,বিজেপি ভাল পাৰ্টি ৷ ৰাইজৰ কাৰণে ভাল কাম কৰি আছে আৰু ৰাজ্যখন উন্নত হৈ আছে ৷ তেওঁ এই বুলি ক'ব পাৰে ৷ মন্ত্ৰীগৰাকীয়ে আৰু কয় যে বিজেপি নেতৃত্বাধীন মিত্ৰ দলৰ চৰকাৰৰ কাম - কাজ দেখি তেওঁলোক সন্তুষ্ট হৈছে ৷ বিৰোধী দল হিচাপে তেওঁলোকে আমাৰ বিৰুদ্ধে কোনো ইছ্যু আনিব পৰা নাই ৷ কাৰণ স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত আমি যি কাম কৰিছোঁ তেওঁলোকে কৰিব পৰা নাই ৷ সেইদৰে শিক্ষাৰ ক্ষেত্ৰত আমি যি কাম কৰিছোঁ তেওঁলোকে কৰিব পৰা নাই ৷ আজি মোৰ নিজৰ বিভাগৰ ক্ষেত্ৰতে যদি সোধে তেতিয়াহলে দেখিব যে তেওঁলোকৰ দিনত আৱকাৰী বিভাগৰ ৰাজহৰ পৰিমাণ আছিল ৩৯৯ কোটি টকা ৷ এইবাৰ আমাৰ ২৮০০ কোটি টকাৰ অধিক ৰাজহ উপাৰ্জন হৈছে ৷ তেওঁলোকে পৰা নাছিল ৷ আমি পাৰিছো ৷ ইয়াৰ উপৰিও বনাঞ্চলৰ কথা যদি সোধে তেতিয়াহলে দেখিব যে ২০১৭ আৰু ১৯ ৰ বৰ্ষৰ ভিতৰত ২২২ স্ক'ৱাৰ কিলোমিটাৰ বনাঞ্চল বৃদ্ধি পাইছে ৷ তেওঁলোকে পৰা নাছিল ৷ আমি গড় হত্যা বন্ধ কৰিলো ৷ কিন্তু তেওঁলোকে পৰা নাছিল ৷ বন বিভাগত আগতে ৰাজহৰ পৰিমাণ ৮০ কোটি আছিল ৷ এইবাৰ আমাৰ ৰাজহৰ পৰিমাণ ২৫০ কোটি টকাৰ অধিক হৈছে ৷ তেওঁলোকে পৰা নাছিল ৷ গতিকে সকলোৱে এই কথাবোৰ দেখি আছে ৷ সেইদৰে গোটেই ভাৰতবৰ্ষৰ ভিতৰত অসমত কোভিড নিয়ন্ত্ৰণত আছে ৷ কেৱল আমি নিয়ন্ত্ৰণত ৰখাই নহয় বৰং কোনো কাৰণতে যাতে আমাৰ বাহিৰত থকা ল'ৰা- ছোৱালী বাহিৰত আছে তেওঁলোকলৈ আমি দুহেজাৰ টকাকৈ পঠোৱা হৈছে ৷ কোৱাৰেণ্টাইনত থকা ৰখা সকলৰ কাৰণে প্ৰতিদিনে ৫০০ টকাকৈ খৰচ কৰি আছো ৷ আমি বিনামূলীয়া  চিকিৎসাৰ ব্যৱস্থা কৰিছো ৷ আমি গোটেই ব্যৱস্থা কৰি আছো ৷ আজিৰ দিনত লকডাউনৰ সময়ত বা কোভিড - ১৯ সংক্ৰমণৰ সময়ত যাতে ৰাইজে কষ্ট নাপায় তাৰ কাৰণে দহ কিলোকৈ চাউল দিয়া দিছো ৷ আমি ৮৫ শতাংশ মানুহক সাহাৰ্য দি আছো ৷ আমি যি কৰিছো তেওঁলোকে সেয়া সপোনতো ভাৱিব পৰা নাই ৷ তাৰোপৰি তেওঁলোকৰ দলত আমাৰো বন্ধু মানুহ আছে ,সেয়ে তেওঁলোকে আমাক কাণে কাণে কয় যে আপোনালোকৰ সৰ্বানন্দ সোনোৱালে একেবাৰে ধুনীয়া কাম কৰিছে আৰু এই চাৰি বছৰত বহুতখিনি উন্নয়ন কৰিলে ৷ সেয়ে এতিয়া তেওঁলোকে মিত্ৰতা কৰিলে যদিও আমাৰ কাৰণে লাভদায়ক হ'ব বুলি ভাৱো বুলি কয় ৷ ইপিনে উদ্যান খনৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰী গৰাকীয়ে এক সভাত অংশগ্ৰহণ কৰি কয় যে  প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষাৰ উদ্দেশ্যেই ৰাজ্যৰ বন বিভাগে এনে উদ্যান স্থাপন কৰাৰ উদ্যোগ গ্ৰহণ কৰিছে  ৷ এবছৰত ৰাজ্যখনত মুঠ ২৪ খন এনে উদ্যান স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বন বিভাগে ৷ আজিৰ বঙাইগাঁৱৰ এইখন উদ্যানকলৈ বৰ্তমানলৈকে মুঠ ৫ খন উদ্যান স্থাপন কৰা বুলি জনায় মন্ত্ৰী গৰাকীয়ে ৷ বঙাইগাঁও চিটিকাগাঁৱত স্থাপন কৰা এইখন উদ্যানত এহেজাৰতকৈ অধিক প্ৰজাতিৰ গছ পুলি ৰোপন কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে ৷ বিশেষকৈ আয়ুৰ্বেদিক ঔষধি গছ পুলি ৰোপনৰ প্ৰতিও উদ্যানখনত গুৰুত্ব প্ৰদান কৰা হ'ব বুলিও জানিবলৈ দিয়ে ৷ ইয়াৰ ভিতৰত কৰ্কট ৰোগ প্ৰতিৰোধী আৰু মধুমেহ ৰোগৰ বাবে ব্যৱহাৰ কৰা ইনচুলিনৰ গছ পুলিও ৰোপন কৰা হ'ব এই উদ্যানখনত ৷ ইপিনে বিশ্ব বিখ্যাত সোণালী বান্দৰৰ আৱাসস্থলী হিচাপে জনাজাত বঙাইগাঁৱৰ কাকৈজানা পাহাৰক অভয়াৰণ্য হিচাবে স্বীকৃতি দিয়াৰ বাবেও বন বিভাগে  প্ৰচেষ্টা হাতত লোৱা বুলিও জনায় মন্ত্ৰী গৰাকীয়ে ৷ উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন স্থাপন কৰিবলৈ লোৱা  এই জৈৱ বৈচিত্ৰ্য উদ্যানসমূহৰ নাম সাহিত্য মনীষী উপবন ৰখা হৈছে যদিও স্থানীয় জিলা প্ৰশাসনে যদি ৰাইজৰ মতামতৰ ভিত্তিত কোনোবা সাহিত্যিক - সাংবাদিকৰ নামেৰে নামাকৰণ কৰে ,তেতিয়াহলে কৰিব পাৰে বুলিও কয় ৷ বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক এ এম সিঙে আদৰণি ভাষণ ৰখা সভাত স্থানীয় বিধায়ক তথা ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফনীভূষণ চৌধুৰী , দক্ষিণ অভয়াপুৰী বিধান সভা সমষ্টিৰ বিধায়ক অনন্ত কুমাৰ মালো, বিধায়ক অশোক সিংঘী, বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াইও চমু বক্তব্য ৰাখে ৷ সভাত বন বিভাগৰ উচ্চ পদষ্ট বিষয়াসকলৰ লগতে অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ অধ্যক্ষ ৱাই সূৰ্য্যনাৰায়ণ, বঙাইগাঁও জিলাৰ  অধীক্ষক সুবোধ কুমাৰ সোনোৱাল, বন বিভাগৰ ব্ৰেণ্ড এম্বেছাদৰ আনন্দ খাটনিয়াৰ, জিলাখনৰ উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি পল্লবী সৰকাৰ , বঙাইগাঁও আই ভেলী বন সংমণ্ডলৰ বন বিষয়া এছ আৰিফ, বঙাইগাঁও জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰী সহ আৰু কেবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷ ইপিনে বনমন্ত্ৰীগৰাকীক মন্ত্ৰীগৰাকীক বামুণী পাহাৰত থকা শিলৰ কুৱেৰীটো বন্ধ কৰা, কাকৈজানা বনাঞ্চলত থকা সোণালী বান্দৰ আৰু মলুৱা বান্দৰৰ  খাদ্যৰ (খাদ্য  উপযোগী গছ - গছনি ৰোপন) ব্যৱস্থা কৰা , কাকৈজানা বনাঞ্চলৰ উত্তৰ দিশত অসুৰক্ষিত অৱস্থাত থকা ইতিহাস প্ৰসিদ্ধ শিলটো সংৰক্ষণৰ ব্যৱস্থা কৰা ,জৈৱ বৈচিত্ৰ্য উদ্যানৰ নিচেই কাষত থকা ' ধনাগাৰ' নামৰ গুৱাটো সংৰক্ষণৰ ব্যৱস্থা কৰা আদিকে ধৰি কেইবাটাও দাবীৰ ভিত্তিত চিটিকাগাঁও আদৰ্শ গাওঁ উন্নয়ন সমিতিৰ পক্ষৰ পৰা এক স্মাৰকপত্ৰও প্ৰদান কৰা হয় ৷ উল্লেখ্য যে বনমন্ত্ৰীগৰাকীয়ে উদ্যানখনত গছ পুলিও ৰোপন কৰে ৷ সেইদৰে অনুষ্ঠানত উপস্থিত থকা আন অতিথিসকলেও ৰোপন কৰে গছপুলি ৷  

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা