নগাঁও-ডুমডুমীয়া-বালিসত্ৰ সংযোগী গড়কাপ্তানী পথৰ বিধ্বস্ত ৰূপ

নগাঁও-ডুমডুমীয়া-বালিসত্ৰ সংযোগী গড়কাপ্তানী পথৰ বিধ্বস্ত ৰূপ≈≈জধে-মধে খন্দা পুখুৰীৰ পানীয়ে সৃষ্টি কৰিছে কৃত্ৰিম বানৰ #

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৪ আগষ্টঃ নগাঁও জিলাৰ উত্তৰ-পশ্চিম প্ৰান্তৰ অতিকে গুৰুত্বপূৰ্ণ নগাঁও-ডুমডুমীয়া-বালিসত্ৰ সংযোগী গড়কাপ্তানী পথটো বৰ্তমান ঠায়ে ঠায়ে কৃত্ৰিম বানৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে । মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ স্মৃতি বিজড়িত শ্ৰী শ্ৰী নৰোৱা বালিসত্ৰ আৰু শ্ৰী শ্ৰী ওপৰ ডুমডুমীয়া সত্ৰ সংযোগী এই পথটোৰ কদৰ্যময় ৰূপে অঞ্চলবাসীক যমৰ যাতনা ভোগাইছে । আশ্চৰ্যজনক কথাটো হ’ল এই পথটো যোৱা বছৰ মেৰামতি কৰা হৈছিল যদিও মেৰামতিৰ কিছু দিনৰ পাছতে পথটো ঠায়ে ঠায়ে একেবাৰে জহি খহি যোৱাত যাতায়াত কৰাত জীয়াতু ভূগিব লগা হৈছে ৰাইজে। তথাপি কানসাৰ নাই বিয়াগোম গড়কাপ্তানী বিভাগৰ লগতে পৰিৱৰ্তন কামী বিজেপি চৰকাৰৰ স্থানীয় জনপ্ৰতিনিধি গৰাকীৰ। তদুপৰি সম্প্ৰতি পথটোৰ দুয়ো কাষে জধে-মধে অবিজ্ঞান সন্মত ভাবে গঢ়ি উঠা বৃহৎ বৃহৎ পুখুৰী সমূহে পথটোৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে । কিয়নো স্থানীয় এচাম লোকে একমাত্র ব্যক্তিগত মুনাফা লাভৰ বাবে পথৰ কাষলৈকে পুখুৰী খন্দাত পথটোৰ কাষবোৰ দিনে দিনে খহি যোৱাত চিন্তিত হৈ পৰিছে স্থানীয় লোক। এই ক্ষেত্ৰত গড়কাপ্তানী বিভাগক ৰাইজে বিগত সময়ছোৱাত অবগত কৰি আহিছে যদিও এই পৰ্যন্ত কোনো পদক্ষেপ বিভাগীয়ভাবে গ্ৰহন নকৰাত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে ৷ ইফালে, পথটোৰ দুই পাৰে থকা বালিসত্ৰৰ দ পথাৰ খনৰো বহু হেক্টৰ কৃষি ভূমিৰ খেতিবাতি বৰ্তমান পানীৰ তলত বুৰ যোৱা দেখিবলৈ পোৱা গৈছে । তথাপিও বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ এনে সীমাহীন দুখ দুৰ্গতিৰ বিষয়ে বুজ লবলৈও আহৰি নাই ৰজা ঘৰৰ লগতে কৃষি বিভাগ আৰু গড়কাপ্তানি বিভাগৰ ৷
====================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা