চৰকাৰী নীতি - নিৰ্দেশনা ৰ মাজেৰে আৰম্ভ হ'ল শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ ভাদমহীয়া নাম - প্ৰসংগ

 গোলাঘাট,১৮ আগষ্ট :---আজি পৱিত্ৰ ভাদমাহ এক তাৰিখ। মহাপুৰুষ দুজনাৰ অপূৰ্ব সৃষ্টি নামঘৰ সমূহত পৱিত্ৰ ভাদমাহত অনুষ্ঠিত হৈ আহিছে নাম মহোৎসৱ। উজনি অসমৰ অ‌ন্য এক ধৰ্মীয় পীঠস্থান শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰটো পৱিত্ৰ ভাদ মাহত আয়োজন কৰা হয় নাম মহোৎসৱৰ। অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় লক্ষাধিক ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰে এই নাম মহোৎসৱত। কিন্তু এইবাৰ ম্লান পৰিব ভগৱানৰ চৰণ চুবলৈ অহা সেই আধ্যাত্মিক পৰিবেশৰ। কাৰণ মহামাৰী কৰণা ভাইৰাছ। কৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰ তথা জিলা প্ৰশাসনে বান্ধি দিয়া নিয়মৰ মাজেৰেহে হ'ব নাম মহোৎসৱ। নামলৈ অহা সেৱকীয়ে মুখত মাস্ক পিন্ধি অহাতো বাধ্যতামূলক। এবাৰত নামঘৰৰ ভিতৰত 50 জন সেৱকীহে সোমাব পাৰিব। সোমাবৰ বাবে প্ৰৱেশ আৰু ওলাবৰ বাবে প্ৰস্থানৰ ব্যৱস্থা কৰিছে। শৰাইৰ বাবে নৈবেদ্য দিয়া সকলে নিৰ্দিষ্ট কৰি দিয়া বৃত্তৰ মাজেদি গৈ নৈবেদ্য দি ওলাই আহিব লাগিব। এইবিৰ ব্যক্তিগত ভাৱে কোনো সেৱকীয়ে চাকি জ্বলাব নোৱাৰিব। বিশেষ ভাৱে সাজু কৰা পাঁচগছ চাকিত তেল দি সেৱা ধৰিব লাগিব। নামঘৰটো বুঢ়াডাঙৰীয়াৰ ওচৰত সেৱা ধৰি বাহিৰলৈ ওলাই আহিব লাগিব। এইবাৰ নামঘৰত বহিব নোৱাৰিব। এইখিনি নিয়ম পালন কৰি আঠখেলীয়া নামঘৰত ভগৱাক দৰ্শন কৰিব পাৰিব সেৱকী সকলে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা