নভি এপৰ তাৎক্ষণিক আৰু যোগাযোগবিহীন ব্যক্তিগত ঋণৰ প্ৰতি অসমত ব্যাপক সঁহাৰি




ষ্টাফৰিপ'ৰ্টাৰ,,২১ আগষ্ট।।
বিগত জুন মাহত শুভৰাম্ভ কৰা নভি এপে সমগ্র অসমত অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে। ৰাজ্য খনৰ গুৱাহাটী, তেজপুৰৰ দৰে নগৰত গ্ৰাহকে এপটোৰ জৰিয়তে তাৎক্ষণিকভাৱে কাগজবিহীন ঋণৰ সুবিধা গ্ৰহণ কৰিছে। স্মাৰ্ট ফ'ন আৰু কাৰিকৰী ব্যৱস্থাৰ লগত সিদ্ধহস্ত মধ্যবিত্তীয় ভাৰতীয় গ্ৰাহক সকলৰ উদ্দেশ্যে উদ্ভাৱন কৰা নভি এপে সম্পূৰ্ণৰূপে যোগাযোবিহীন ডিজিটেল মাধ্যমেৰে ৩৬ মাহলৈ ৫ লাখ পৰ্যন্ত ঋণৰ  সুবিধা প্ৰদান কৰিছে গ্ৰাহকসকলক। গুগল প্লে' ষ্টৰৰ পৰা ডাউনল'ড কৰি গ্ৰাহক সকলে নিজৰ আর্থিক সামৰ্থ অনুসৰি লাভ কৰিব পৰা ঋণৰ পৰিমাণ, মাহেকীয়া কিস্তিৰ পৰিমাণ ম'বাইলত পৰীক্ষা কৰি কেৱল পেন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ নম্বৰ আপল'ড কৰি মিনিটৰ ভিতৰতে ঋণৰ সুবিধা লাভ কৰিব পাৰে নভি এপৰ জৰিয়তে। সাম্প্ৰতিক লকডাউন, সামাজিক দূৰত্ব আদিৰ পৰিপ্ৰেক্ষিতত বেংকসমূহত গ্ৰাহকসকলে নূন্যতম সেৱাৰ বাহিৰে ঋণকে ধৰি অন্যান্য সুবিধাৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সন্মূখীন হ'বলগীয়া হৈছে। এনে অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসা,শিক্ষা বা অন্যান্য জৰুৰী অৱস্থাত ধনৰ প্ৰয়োজন হোৱা গ্ৰাহক সকলক সম্পূৰ্ণ অনলাইন মাধ্যমেৰে মিনিটৰ ভিতৰতে ঋণৰ সুবিধা প্ৰদান কৰিছে নভি এপে। নভিৰ এগৰাকী বিষয়ববীয়া সমিত শেঠীয়ে এই সন্দৰ্ভত কয়"-এপটোৰ শুভৰাম্ভণিৰ দিনৰে পৰা অসমৰ লগতে সমগ্ৰ ভাৰততে আমি অভূতপূৰ্ব সঁহাৰি লাভ কৰিছোঁ। নভিৰ প্ৰযুক্তি মঞ্চ কৃত্ৰিম বৃদ্ধিমত্তা আৰু মেচিন লাৰ্নিং ৰ সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰিবলৈ নিৰ্মাণ কৰা হৈছে,যাতে আমি আমাৰ গ্ৰাহকক পচন্দ আৰু তেওঁলোকক আগবঢ়োৱা সেৱাৰ মান ক্ৰমাগতভাৱে বৃদ্ধি কৰিব পাৰোঁ"

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা