বঙাইগাঁও জিলাৰ মাণিকপুৰত বন বিভাগৰ অভিযান
অবৈধ কাঠ ফলা কলসহ জব্দ কাঠ
বঙাইগাঁওঃ ১০ আগষ্টঃ আজি বঙাইগাওঁ আই উপত্যকা বন সংমণ্ডল প্ৰাধিকাৰীৰ নিৰ্দেশত বঙাইগাওঁস্থিত বিশেষ বন সুৰক্ষা বাহিনীয়ে জিলাখনৰ মাণিকপুৰৰ অন্তৰ্গত ৩ নং চালাবিলা নামৰ ঠাইত এক অভিযান চলায় ৷ এই অভিযান কালত বন সুৰক্ষা বাহিনীয়ে এটা অবৈধ কাঠ ফলা কল উৎখাত কৰে। লগতে বুজন সংখ্যক ফলা কাঠ আৰু কুণ্ডা জব্দ কৰিবলৈকো সক্ষম হয়। পিচত জব্দ কৰা কাঠখিনিৰ লগতে কাঠ ফলা কলটো মাণিকপুৰ খণ্ড বন কাৰ্যালয়লৈ লৈ আহে। জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য ৫০ হাজাৰৰ অধিক হ'ব। উল্লেখ্য যে চোৰাং কাঠৰ সৰবৰাহত জড়িত দুষ্কৃতিকাৰীক তথা মিলৰ গৰাকীক কৰায়ত্ব কৰাৰ বাবে বন বিভাগে তদন্ত চলাই আছে ।
প্ৰণৱ কুমাৰ ডেকা
বঙাইগাঁও
Comments
Post a Comment