নলবাৰীৰ স্বাধীনতা যুঁজাৰুক উপায়ুক্তৰ ঘৰে ঘৰে গৈ সম্বৰ্ধনা
৭৪তম স্বাধীনতা দিৱস উপলক্ষে নলবাৰী জিলাৰ মুক্তি যুঁজাৰুসকলক চৰকাৰৰ নিৰ্দেশনামৰ্মে কালি নলবাৰী জিলাৰ উপায়ুক্ত পূৰৱী কোৱঁৰৰ তদাৰকত ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনোৱা হয় । বৰ্তমানে জীৱিত বেলশৰৰ নৰেন্দ্ৰ নাথ হালৈ, খগেন চন্দ্ৰ তালুকদাৰ, বিদ্যা ডেকা, গন্ধিয়াৰ কনক চন্দ্ৰ বৰ্মন, চানোৰাম বৰ্মন, অৰৰাৰ ফনীন্দ্ৰ কলিতা, গমাৰিমুৰীৰ গোপেশ্বৰ শৰ্মা, বৰ্ণিবাৰীৰ নাৰায়ণ বৰ্মন আৰু হেলচাৰ অশ্বিনী কুমাৰ চৌধুৰীকে ধৰি ৯জন মুক্তিযুঁজাৰুক ঘৰে ঘৰে গৈ স্বাধীনতা দিৱস উপলক্ষে একোখন গামোছা, ফুলৰ থোপাৰে সম্বৰ্ধনা জনোৱা হয় । লগতে ফেচমাস্ক প্ৰদান কৰা হয় মুক্তিযুঁজাৰুসকলক । জীৱিত স্বাধীনতা যুঁজাৰুৰ লগতে প্ৰয়াত ২৮ গৰাকী মুক্তিযুঁজাৰুৰ বিধৱা পত্নীকো ঘৰে ঘৰে গৈ গামোছা আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জনোৱা হয় । সেইসকল হ'ল প্ৰয়াত ধৰণী ডেকা, মানিক চন্দ্ৰ চক্ৰৱৰ্তী, গিৰীশ চন্দ্ৰ চক্ৰৱৰ্তী, অৰবিন্দ মুদিয়াৰ, পৰমানন্দ শৰ্মা, ভূৱনেশ্বৰ পাটোৱাৰী, প্ৰমোদ শৰ্মা, হৰমোহন শাস্ত্ৰী, প্ৰভাত চন্দ্ৰ দত্ত, মহেন্দ্ৰ নাথ বৈশ্য, মনপতি মহন্ত, সন্ধি সেন ডেকা, কৃপা মেনা, উমেশ বৰ্মন, অৰুন ডেকা, বসন্ত পাটোৱাৰী, উপেন পাটোৱাৰী, প্ৰসন্ন ডেকা, মদন চন্দ্ৰ ঠাকুৰীয়া, খগেন সেন ডেকা, গনেশ্বৰ মালি, ঘনকান্ত পাটোৱাৰী, তুলেন্দ্ৰ ভট্ট, ভবানী চৰণ ভট্ট, কেশৱ চন্দ্ৰ বৰ্মন আৰু লোহিত দাস ৷ উল্লেখ থাকে যে সম্প্ৰতি ক'ৰোণা মহামাৰীৰ সংক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দূৰত্বৰ নিয়ম মানি তথা ফেচমাস্ক পিন্ধাটো বাধ্যতামূলক কৰি সীমিত উপস্থিতিৰে স্বাধীনতা দিৱস পালন কৰা হ'ব । সেয়েহে ভাৰত ত্যাগ দিৱসৰ লগত সংগতি ৰাখি ইতিমধ্যে মুক্তি যুঁজাৰুসকলক ঘৰে ঘৰে গৈ এই সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰা হয় ।
*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*
Comments
Post a Comment