নগাঁৱত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক তিনি ড্ৰাগছ সৰবৰাহকাৰী

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১০ আগষ্টঃ বটদ্ৰৱা আৰু নগাঁও  আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে সফল অভিযান ৷ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত শিমলুআটি গাৱঁত অতৰ্কীতে চলিছিল এই অভিযান । অভিযান কালত জব্দ ড্ৰাগচ ভৰ্তি নটাকৈ কন্টেনাৰ, ৪০টা কফ চিৰাপ সহ আটক তিনি ড্ৰাগচ সৰবৰাহকাৰী ৷ ধৃত ড্ৰাগচ সৰবৰাহকাৰী কেইটা ইন্তাদুৰ ৰহমান, ছৰিফুল ইছলাম আৰু মজিবুৰ ৰহমান । বটদ্ৰৱা আৰক্ষী আৰু ডি এছ পি অনিতা হাজৰিকাৰ নেৰ্তৃত্বত গোপন সূত্ৰৰ পম খেদি দেওবাৰে নিশা চলিছিল এই অভিযান ৷ বৰ্তমান কুখ্যাত ড্ৰাগচ মাফিয়া কেইটাক অধিক তথ্যৰ বাবে মাৰাথান জেৰা অব্যাহত ৰাখিছে বটদ্ৰৱা আৰক্ষীয়ে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা