টপচেম চিমেণ্টে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত মুকলি কৰিলে ছলিড ঢালাই চিমেণ্ট



ষ্টাফৰিপ'ৰ্টাৰ,,২০ আগষ্ট।।
উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম অগ্ৰণী চিমেণ্ট নিৰ্মাতা উদ্যোগ টপচেম চিমেণ্টে বৃহস্পতি বাৰে উত্তৰ পূৰ্বাঞ্চলৰ একক গৃহ নিৰ্মাতা(আইএইচবি)আৰু আন্তঃগাঁঠনি তথা নিৰ্মাণ খণ্ডৰ বাবে 'ছলিড ঢালাই চিমেণ্ট' শীৰ্ষক এক উদ্ভাৱনী চিমেণ্ট মুকলি কৰে। মেঘালয় চিমেণ্টছ লিমিটেডৰ সঞ্চালক কৈলাশ চন্দ্ৰ লোহিয়া আৰু পৰিচালক বজৰং লোহিয়া আৰু অন্যান্য কৰ্মচাৰীৰ উপস্থিতিত এই ছলিড ঢালাই চিমেণ্ট মুকলি কৰা হয়। এই সন্দৰ্ভত কৈলাশ লোহিয়াই কয়"-প্ৰথম বাৰলৈ আমি এক নতুন প্ৰিমিয়াম সামগ্রী মুকলি কৰিছোঁ যি অধিক শক্তিশালী,অধিক ব্যাপক তথা আদ্ৰতা আৰু টেম্পাৰ মুক্ত বিঅ'পিপি বেগত এন্টি ৰাষ্ট বৈশিষ্ট্যসমৃদ্ধ দ্ৰুত ছেটিঙৰ সৈতে উপলব্ধ"। আনহাতে,সামগ্রীবিধ মুকলি কৰি বজৰং লোহিয়াই কয়"-যিকোনো নিৰ্মাণ কৰ্মৰ প্ৰাথমিক প্ৰয়োজনীয়তা হ'ল স্থায়ী আৰু দীৰ্ঘম্যাদী গাঁথনি প্ৰস্তুত কৰা আৰু ইয়াৰ বাবে শক্তিশালী তথা স্থায়ী কংক্ৰিটৰ প্ৰয়োজন, আৰু গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ সামগ্রী বিধ মুকলি কৰিব পাই আমি সুখী  অনুভৱ কৰিছো"। উল্লেখযোগ্য যে, এই চিমেণ্ট বিধ উচ্চ গুনগতমানৰ ক্লিংকাৰ আৰু বিশেষ সংযোজক পদৰ্থৰে প্ৰস্তুত কৰা হৈছে যি অতিশয় শক্তিশালী আৰু স্থায়ী।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা