সমাজকর্মী হিৰণ্য কুমাৰ বৰ্মনৰ মৃত্যু




ষ্টাফৰিপৰ্টাৰ, ১৬ আগষ্ট: গুৱাহাটীৰ ৰিহাবাৰী নিবাসী এন ডি টি ভিৰ গ্ৰাফিকচ বিভাগৰ প্ৰাক্তন মুৰব্বী, সমাজকর্মী হিৰণ্য কুমাৰ বৰ্মনৰ শুকুৰবাৰে নিশা  ৯ বজাত ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৬ বছৰ। মৃত্যুৰ সময়ত তেওঁ পত্নী, এগৰাকী কন্যা, মাতৃ আৰু পৰিয়ালৰ অন্য সদস্য সকলক এৰি যায়। তেওঁৰ মৃত্যুত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে শোক প্ৰকাশ কৰে। তেওঁৰ মৃত্যুত গুৱাহাটী প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰে লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা