নিম্নআয়ৰ পৰিয়ালবোৰক আৰ্থিক সাহায্য, প্ৰতিগৰাকী অভাৱী ব্যক্তিক প্ৰতিমাহে ১০ কেজি খাদ্যশস্য প্ৰদানৰ দাবীত চি পি আই (এম)ৰ প্ৰতিবাদ: কোভিড ১৯ ৰ নিয়ামাৱলী মানি জনসাধাৰণে উত্তাল কৰে গুৱাহাটীৰ ৰাজপথ*

*



ষ্টাফৰিপৰ্টাৰ, ২৬ আগষ্ট :আয়কৰৰ আওতাত নপৰা সকলো পৰিয়ালক অতি শীঘ্ৰে মাহিলি ৭৫০০ টকাকৈ আগন্তুক ৬মাহৰ বাবে প্ৰদান কৰা, প্ৰতিগৰাকী অভাৱী ব্যক্তিক প্ৰতিমাহে ১০কেজি খাদ্যশস্য প্ৰদান কৰা, "এমএনৰেগা" সম্প্ৰসাৰণ কৰি বৰ্ধিত মজুৰিৰে বছৰি অতি কমেও ২০০ দিনৰ কৰ্মসংস্থান নিশ্চিত কৰাৰ দাবীৰ লগতে কোভিড-১৯ নিয়ন্ত্ৰণত সীমাহীন ব্যৰ্থতা তথা ৰাজহুৱা স্বাস্থ্যসেৱাৰ শোচনীয় অৱস্থা,ৰাজহুৱা খণ্ডৰ সম্পদ আৰু উদ্যোগ প্ৰতিষ্ঠানবোৰৰ বেচৰকাৰীকৰণ, আদি দাবীৰ প্ৰতিবাদত সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ৩৩ঠাইত প্ৰতিবাদ সংঘটিত হয়। এই প্ৰতিবাদৰ অংশস্বৰূপে গুৱাহাটী মহানগৰীৰ গুৱাহাটী ক্লাব ৰটাৰীৰ বেজবৰুৱা চ'কৰ কাষত প্ৰায় পাঁচ শতাধিক মানুহ সমবেত হয়।সোণাপুৰতো এই কাৰ্যসূচী ৰূপায়ন হয়।কোভিড ১৯ সংক্ৰমণ ৰোধৰ নীতি নিয়ম অনুসৰণ কৰিয়েই এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। যোৱা ২০ আগষ্টৰ পৰা ২৬ আগষ্টলৈ বৰ্তমান পৰিস্থিতিত জনসাধাৰণৰ জীৱন জীৱিকাৰ জৰুৰী দাবীসমূহক লৈ ৰাজ্যজুৰি প্ৰতিবাদ সপ্তাহ পালন কৰা হয়। গুৱাহাটী মহানাগৰীতো বিভিন্ন ঠাইত যেনে নাৰেংগী, নুনমাটি,বশিষ্ঠ, জালুকবাৰী,ধীৰেনপাৰা, কটাহবাৰী,বিৰুবাৰী, উজানবজাৰ,ভূতনাথ আদি ঠাইত ৰাইজৰ মাজত ব্যাপক প্ৰচাৰ সভা অনুষ্ঠিত হয়। চি পি আই (এম) দলে উত্থাপন কৰা দাবীসমূহৰ প্ৰতি ৰাইজে যথেষ্ট সঁহাৰি জনাই। এই লকডাউনৰ সময়ছোৱাত গুৱাহাটী মহানগৰীৰ ৰাইজে সৰ্বাধিক দুৰ্যোগ ভুগিবলগীয়া হয় কাৰণ চহৰাঞ্চলত নিত্য প্ৰয়োজনীয় বয় বস্তুৰ দামো বৃদ্ধি পাইছে আৰু আনফালে ৰাইজৰ হাতত টকাৰ অভাৱ, বিশেষকৈ দিন হাজিৰা কৰা শ্ৰমিক, গৃহকৰ্মী, পদপথৰ ব্যৱসায়ী, ৰিক্সা-ঠেলা-অটো চালক,ওলা উবেৰ চালক সকলৰ।মহানগৰীৰ অধিকাংশ লোকেই এই লকডাউনত হয়তো কাম হেৰুৱাইছে নাইবা মজুৰিৰ পৰা বঞ্চিত হৈছে। আজি পৰ্যন্ত চৰকাৰে ঘোষণা কৰা সাহায্য বহু লোকৰ কাষ গৈ নাপালে। 
আজিৰ বিক্ষোভ কাৰ্যসূচীত উপস্থিত থাকি চি পি আই (এম) দলৰ ৰাজ্যিক সম্পাদক দেবেন ভট্টাচাৰ্যই ৰাইজক নিজৰ জীৱন জীৱিকাৰ অধিকাৰসমূহৰ বাবে একত্ৰিত হোৱাৰ বাবে আহ্বান জনাই। কামৰূপ মহানগৰ জিলাৰ সম্পাদক শতঞ্জীব দাসে ৰাইজৰ মাজত জনগণ বিৰোধী নীতিৰ প্ৰতিবাদত সচেতনতা গঢ়ি তোলাৰ আহ্বান জনাই,লগতে চি পি আই (এম) দলৰ জিলা সদস্য সংগীতা দাসে কয় যে জনগণৰ ঐক্যবদ্ধ আন্দোলনে চৰকাৰক বাধ্য কৰাব পাৰিব।চি পি আই (এম) দলৰ মহানগৰ জিলা সম্পাদকমণ্ডলীৰ সদস্য কাশ্যপ চৌধুৰীয়ে হুংকাৰ দি কয় যে বিজেপি চৰকাৰে জনসাধাৰণৰ দাবী সমূহ মানি নোলোৱা পৰ্যন্ত চি পি  আই (এম) দলৰ ধাৰাবাহিক আন্দোলন চলি থাকিব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা