নলবাৰী গৰ্ডন ক্ৰিকেট একাডেমীৰ উল্লেখনীয় পদক্ষেপ

নলবাৰী গৰ্ডন ক্ৰিকেট একাডেমীৰ উল্লেখনীয় পদক্ষেপ*


*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৬ আগষ্ট*

খেল আৰু সংস্কৃতি এই দুয়োখন পথাৰতেই নলবাৰী চহকী ৷ এক ঐতিহ্য বিৰাজ কৰা নলবাৰীৰৰ গৰ্ডন স্কুল খেলপথাৰৰ নাম নুশুনা লোক হয়তো নাই ৷ ইয়াতেই জন্ম হৈছিল ক্ৰিকেটৰ অনুৰাগীৰ হেচাত এক ক্ৰিকেট একাডেমী ৷ ২০১৪ চনত স্থাপিত হোৱা নলবাৰী গৰ্ডন ক্ৰিকেট একাডেমীয়ে নলবাৰীত ক্ৰিকেটৰ এক সুন্দৰ বাতাবৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ক'ভিড-১৯ ৰ বাবে বিগত ৪-৫ মাহ ধৰি অনুশীলন বন্ধ হৈ আছিল যদিওঁ বৰ্তমান লক্ ডাউন কিছু পৰিমাণে শিথিল হোৱাত চৰকাৰৰ সকলো নিয়ম-নীতি মানি পুণৰ আৰম্ভ হৈছে ক্ৰিকেটৰ অনুশীলন । ল'ৰা-ছোৱালী উভয় শাখাতে গৰ্ডন স্কুল খেলপথাৰত নিতৌ পুৱা আৰু বিয়লি অনুশীলন চলাই থকা উক্ত একাডেমীয়ে ইতিমধ্যে সফলতাৰো মুখ দেখিবলৈ সক্ষম হৈছে । একাডেমীত প্ৰশিক্ষণপ্ৰাপ্ত সৰহ সংখ্যক খেলুৱৈয়ে এতিয়া নলবাৰী ক্ৰীড়া সন্থাৰ হৈ বিভিন্ন পৰ্যায়ৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুবিধা পাইছে । ইয়াৰ উপৰিও একাডেমীৰ খেলুৱৈ নিহাৰ ডেকা আৰু নিবিৰ ডেকাই ১৫, ১৬ আৰু ১৯ বছৰ অনুৰ্ধৰ ক্ৰিকেট প্ৰতিযোগিতাত আৰু ২৩ বছৰ অনুৰ্ধত অনুৰাগ তালুকদাৰে অসম দলৰ জাৰ্চী পিন্ধিবলৈ সক্ষম হৈছে । যোৱা বছৰ উক্ত একাডেমীৰ খেলুৱৈসকলে ছহীদ স্মৃতি ক্ৰিকেট প্ৰতিযোগিতা আৰু ওদালগুৰি ক্ৰিকেট প্ৰতিযোগিতাত চূড়ান্ত বিজয়ী হোৱাৰ বিপৰীতে বিলাসীপাৰাত অনুষ্ঠিত হৈ যোৱা চামচুল হক সোৱঁৰণী ক্ৰিকেট টুৰ্ণামেন্টত শ্ৰেষ্ঠ শৃঙ্খলাবদ্ধ দল হিচাপে গৌৰৱ কঢ়িয়াই আনিছে । শতাধিক খেলুৱৈয়ে বৰ্তমান পুৱা-গধূলি একাডেমীৰ জড়িয়তে প্ৰশিক্ষণ লৈ থকা পৰিলক্ষিত হৈ আহিছে । প্ৰশিক্ষকৰ দায়িত্বত আছে- মহেশ্বৰ হালৈ আৰু দিব্যজ্যোতি শৰ্মা, সহঃ প্ৰশিক্ষক হিচাপে আছে মিহিৰ বিক্ৰম দত্ত, সঞ্জয় ঠাকুৰ, ৰাজু বৰ্মন আৰু বিতু ৰঞ্জন কলিতা । নলবাৰীত ক্ৰিকেটৰ একমাত্ৰ প্ৰশিক্ষণ কেন্দ্ৰ নলবাৰী গৰ্ডন ক্ৰিকেট একাডেমীৰ পৰা বহুকেইজন প্ৰতিভাৱান খেলুৱৈৰ জন্ম হ'ব বুলি নিশ্চিতভাৱে আশা কৰিব পাৰি । ইয়াৰ বাবে ক্ৰীড়াপ্ৰেমী ৰাইজে একাডেমীৰ উদ্যোক্তাসকলক ভূয়সী প্ৰশংসা কৰিছে । একাডেমীটো চলাই থকাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰি থকা বাবে নলবাৰী ক্ৰীড়া সন্থাৰ সম্পাদক মনোজ কুমাৰ চৌধুৰী আৰু ক্ৰিকেট সম্পাদক নুৰুল আমিনক একাডেমীৰ তৰফৰ পৰা ধন্যবাদসহ কৃতজ্ঞতা জ্ঞাপন কৰে ।

*নলবাৰীৰ পৰা ৰূপক বৈশ্যৰ ৰিপোৰ্ট, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট*

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা