ৰঙিয়াত কাইলৈ ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত 'স্বচ্ছ ভাৰত অভিযান'' কাৰ্য্যসূচী
থাৰ্মেল স্কেন, মাস্ক অবিহনে প্ৰৱেশ কৰিব নোৱাৰিব পেৰেড গ্ৰাউণ্ডতঃ অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰ
প্ৰতিবেদক, ৰঙিয়া ,১৩ আগষ্টঃ
ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অহা ১৫ আগষ্ট তাৰিখে দিনজোৰা কাৰ্য্যসূচীৰে ভাৰতৰ ৭৪তম স্বাধীনতা দিৱসটি উদযাপন কৰিবলৈ ৰঙিয়া মহকুমা প্ৰশাসনে পূৰ্ণ প্ৰস্তুতি চলাইছে । ইতিমধ্যে অনলাইন যোগে প্ৰশাসনৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন শাখাত বক্তৃতা, সংগীত,দেশভক্তি মূলক গীতৰ আধাৰত একক নৃত্য, ছৱি অকাঁ প্ৰতিযোগিতা সুকলমে সম্পন্ন কৰা হৈছে ।স্বাধীনতা দিৱসৰ কাৰ্য্যসূচী হিচাপে পুৱা ৬ বজাত প্ৰভাত গীতাঞ্জলী আৰু দেশ ভক্তিমূলক গীত পৰিৱেশনৰ পিছত ৭ বজাত অনুষ্ঠিত হ'ব নিজ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন । পুৱা ৭.৩০ বজাত বিভিন্ন শিক্ষানুষ্ঠান, চৰকাৰী, অৰ্দ্ধ-চৰকাৰী কাৰ্য্যালয়, অনুস্থান-প্ৰতিস্থান, ব্যৱসায়িক প্ৰতিস্থান আদিত ৰাষ্ট্ৰীয় পতাকা উত্তোলন, ৮.৪০ বজাত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমৃৰ্ত্তিত মাল্যদান আৰু ৯.০০ বজাত আনুষ্ঠানিক ভাৱে উদযাপন কৰা হ'ব বিশিষ্ট অতিথিৰ দ্বাৰা ৰাষ্ট্ৰীয় পতাকা উত্তোলন, ভাষণ আৰু কুছ-কাৱাজৰ কাৰ্য্যসূচী। ১১.১৫ বজাত ৰঙিয়া আৰ.এছ.টি.চি.ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ফল-মূল বিতৰণ কৰাৰ পিছত বিয়লি ৫.০০ বজাত ৰাষ্ট্ৰীয় পতাকা অৱনমিতকৰণ আৰু ৫.৩০ বজাত চৰকাৰী কাৰ্য্যালয় আৰু বেচৰকাৰী বাসগৃহ সমূহত বন্তি প্ৰজ্জ্বলন কাৰ্য্যসূচী অনুষ্ঠিত হ'ব । উল্লেখ্য যে, ভাৰতবৰ্ষৰ ৭৪তম স্বাধীনতা দিৱস উদযাপন উপলক্ষে যোৱা ৫ আগষ্টত ৰঙিয়াৰ ঐতিহাসিক কৃষক শ্বহীদ ভৱনত অতিৰিক্ত উপায়ুক্ত তথা ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডাঃ বেদাংগ তালুকদাৰৰ অধ্যক্ষতাত চক্ৰ বিষয়া, সহকাৰী আয়ুক্ত, আৰক্ষী বিষয়া আৰু মহকুমাটোৰ বিভাগীয় মুৰব্বী বিষয়াসকল তথা কৰ্মচাৰীৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈছিল । ক'ৰণা ভাইৰাচৰ ভয়াবহ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত জনস্বাস্থ্যৰ প্ৰতি লক্ষ্যৰাখি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আগবঢ়োৱা নিৰ্ধাৰিত নীতি-নিৰ্দেশনাৰ আধাৰত ৰাজ্যিক, জিলা আৰু মহকুমা পৰ্য্যায়ত স্বাধীনতা দিৱসৰ কাৰ্য্যসূচী উদযাপন কৰিবলৈ অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন(এ) বিভাগে প্ৰদান কৰা নিৰ্দেশনামৰ্মে উক্ত সভাত অতিৰিক্ত উপায়ুক্ত ডাঃ তালুকদাৰে ৰঙিয়া মহকুমাত থকা বিভিন্ন চৰকাৰী বিভাগৰ বিভাগীয় মুৰব্বী সকলক উদ্দেশ্যি কেনেদৰে দিৱসৰ কাৰ্য্যসূচী উদযাপন কৰা হ'ব তাৰ বাখ্যা আগবঢ়াইছিল। তেখেতে উল্লেখ কৰা মতে, চিকিৎসক, স্বাস্থ্যকৰ্মী, চাফাই কৰ্মী, আৰু ক'ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰা কিছু ব্যক্তিক এইবেলি অনুষ্ঠানত আমন্ত্ৰণ জনোৱা হ'ব । অনুষ্ঠানত সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক আৰু মাস্ক পৰিধান নকৰা কোনো ব্যক্তিকে পেৰেড গ্ৰাউণ্ডত প্ৰৱেশৰ অনুমতি দিয়া নহ'ব । সমগ্ৰ পেৰেড গ্ৰাউণ্ড এলেকা চেনিটাইজ্ কৰাৰ লগতে প্ৰৱেশ পথত স্বাস্থ্য বিষয়া আৰু নিৰাপত্তা বাহিনীৰ লোক মোতায়েন কৰি হাত ধোৱা আৰু হেণ্ড চেনিটাইজিঙৰ ব্যৱস্থা কৰা হ'ব । লক্ষণীয় যে, শ্ৰমিক, অন্যান্য কৰ্মী, তদৰ্থ বিষয়া, নিৰাপত্তা বাহিনীৰ লোক, মাৰ্চ-পাষ্টৰ কেডেট আৰু পেৰেড বেণ্ডত ভাগ লোৱা সকলোকে কাৰ্যসূচীত অংশ লোৱাৰ পূৰ্বে ক'ভিড -১৯ পৰীক্ষা কৰি নিগেটিভ ৰিপৰ্ট পোৱাৰ পিছতহে অংশ গ্ৰহণ সুনিশ্চিত কৰা হ'ব বুলি অতিৰিক্ত উপায়ুক্ত ডাঃ তালুকদাৰে সদৰি কৰে । আনহাতে, চৰকাৰৰ নিৰ্দেশনা অনুযায়ী বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, এন চি চি, স্কাউট আৰু গাইডক এইবেলি মাৰ্চ-পাষ্টত অংশ লবলৈ অনুমতি দিয়া নহ'ব বুলি তেখেতে কয় । সভাত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে চৰকাৰৰ নীতি-নিৰ্দেশনা অনুযায়ী পেৰেড গ্ৰাউণ্ড প্ৰাঙ্গণত থকা আসনৰ এক তৃতীয়াংশ আসন ক্ষমতাতকৈ অধিক লোকক আমন্ত্ৰণ জনোৱা নহ'ব আৰু বিশাল জনসমাগম পৰিহাৰ কৰা হ'ব বুলি জানিব দিয়ে । একেদৰে অনুস্থানত আনবাৰৰ দৰে এইবেলি সাংস্কৃতিক বা ক্ৰীড়া কাৰ্য্যসূচী আৰু পুৰস্কাৰ বিতৰণ অনুষ্ঠান উদযাপন কৰা নহ'ব । থাৰ্মেল স্কেন, মাস্ক অবিহনে কোনো লোককে পেৰেড গ্ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ'ব বুলি তেখেতে কয় । কাৰ্য্যসূচীৰ অংশ হিচাপে চাহ-জলপান, দুপৰীয়াৰ আহাৰ বা তেনেধৰণৰ যি কোনো ভোজনৰ ব্যৱস্থা কৰা নহ'ব । চৰকাৰৰ নীতি-নিৰ্দেশনাৰ আধাৰত গৰ্ভৱতী মহিলা, ৰুগ্ন শৰীৰৰ ব্যক্তি আৰু ১০ বছৰ বয়সৰ তলৰ শিশুক উদযাপন স্থলিত উপস্থিতি বাৰণ কৰা হৈছে বুলি অতিৰিক্ত উপায়ুক্ত তথা ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডাঃ বেদাংগ তালুকদাৰে উক্ত এই সভাত উল্লেখ কৰে ।তেখেতে কয় যে, স্বাধীনতা দিৱস উদযাপনৰ বিভিন্ন কাৰ্য্যসূচীৰ জৰিয়তে এইবেলি জনতাৰ মাজলৈ নিয়া হ'ব 'আত্মনিৰ্ভৰ ভাৰত'ৰ বিষয়বস্ত ।ইফালে, স্বাধীনতা দিৱস উদযাপন উপলক্ষে কাইলৈ অনুষ্ঠিত হ'ব ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত 'স্বচ্ছ ভাৰত অভিযান'' কাৰ্য্যসূচী ।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।
Comments
Post a Comment