হাউলীত বিদ্যুৎ উপ-কেন্দ্ৰৰ উন্নীতকৰণ আঁচনিৰ উদ্ধোধন

হাউলীত বিদ্যুৎ উপ-কেন্দ্ৰৰ উন্নীতকৰণ আঁচনিৰ উদ্ধোধন,
পুখুৰীৰ সৌন্দৰ্য্য বৰ্দ্ধন প্ৰকল্পৰ আধাৰশিলা স্থাপন ::

:মোৰ কোনো ৰাজনৈতিক অভিপ্সা নাই: হৃষীকেশ গোস্বামী:

অহাবাৰ জিকিলে অৰুণোদয় আচঁনিৰ ধন দুগুণলৈ বাঢ়িব: পীয়ুষ হাজৰিকা

কঞ্জল দাস, বৰপেটা, ২২ আগষ্ট: ম‌ই নিৰ্বাচনত নুঠো। মোৰ কোনো ৰাজনৈতিক অভিপ্সা নাই। তথাপি ৰাইজৰ উপকাৰত অহা কামবোৰ কৰি ভাল পাওঁ।   হাউলীত এটা কদৰ্য হৈ পৰা পুখুৰী উন্নয়নৰ বাবে হাতত লোৱা এক কোটি টকাৰ এখন আচঁনিৰ আধাৰশিলা স্থাপন আৰু হাউলী বিদ্যুৎ উপ-কেন্দ্ৰৰ উন্নীতকৰণ প্ৰকল্পৰ উদ্ধোধন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে এই দৰে কয়। তেওঁ কয় যে প্ৰতিজন ব্যক্তিৰে সামাজিক দায়বদ্ধতা থকা উচিত। হাউলী চহৰখনৰ গৌৰৱময় ঐতিহ্যক সুৱৰি তাৰ পুণৰুদ্ধাৰৰ প্ৰয়াস চলোৱাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা নগৰ উন্নয়ন বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকাই এই সৌন্দৰ্য্যবৰ্ধন আঁচনিখনৰ লগতে ইয়াত খোজ কঢ়াৰ পথ নিৰ্মাণৰ বাবে অতিৰিক্ত ভাবে এক কোটি টকা প্ৰদান কৰা হব বুলি ঘোষণা কৰে। দুয়োখন আচঁনিৰ কাৰ্যকৰী  হোৱাৰ ক্ষেত্ৰত পূৰ্ণ কৃতিত্ব  হৃষীকেশ গোস্বামীৰ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, কিছুদিন পূৰ্বে আবেগৰ বশৱৰ্তী হৈ কিছুমান যুৱকে এইজন ব্যক্তিৰ ঘৰতে আক্ৰমণ চলাইছিল। কিন্তু সেইজনেই হাউলীৰ বিকাশৰ হকে নিৰন্তৰ প্ৰয়াস চলাই গৈছে; আন্দোলনকাৰী সকলে নহয়। ৰাজ্য চৰকাৰে ৰাইজৰ বাবে প্ৰচলন কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰ চমু বাখ্যা দাঙি ধৰি তেওঁ কয় যে শেহতীয়াকৈ হাতত লোৱা অৰুণোদয় নামৰ অভিলাষী আচঁনিখনৰ দ্বাৰা প্ৰতিটো অভাৱগ্ৰস্ত পৰিয়ালে বছৰত দহ হাজাৰ টকাকৈ অৰ্থ সাহায্য লাভ কৰিব। ৰাইজে আৰ্শীবাদ কৰিলে অহা বাৰৰ পৰা এই পৰিমান ২০ হাজাৰলৈ বৃদ্ধি কৰা হব বুলিও তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰে। সভাৰ আৰম্ভণীতে জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই আদৰণী ভাষণত হাউলী পৌৰ সভাত নতুন এলেকা সামৰি লৈ ৱাৰ্ডৰ সংখ্যা ৪ তাৰ পৰা ১০ টালৈ বৃদ্ধি কৰা বুলি সদৰি কৰে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই আতঁধৰা সভাখনত স্থানীয় বিধায়ক গুণীন্দ্ৰ নাথ দাসে দিয়া ভাষণত উন্নয়নৰ ক্ষেত্ৰত লোৱা এনে পদক্ষেপৰ বাবে ৰাজ্য চৰকাৰক ভূয়শী প্ৰশংসা কৰে। সামাজিক দূৰত্ব বৰ্তাই ৰাখি অতি সীমিত সংখ্যক লোকৰ উপস্থিতিত অনুষ্ঠিত সভাখনত জিলা আৰক্ষী অধীক্ষক ৰবীন কুমাৰ সিং, অসম শক্তি উৎপাদন প্ৰতিষ্ঠানৰ অন্যতম সঞ্চালক শংকৰ দাস, অসম বিত্ত নিগমৰ উপাধ্যক্ষ অনিল দাস, নগৰ উন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তা  তছবিকুৰ ৰহমান, হাউলী পৌৰ সভাৰ কাৰ্য্যবাহী বিষয়াৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠক, অতিৰিক্ত উপায়ুক্ত সান্তনা বৰা আদিও উপস্থিত থাকে। উল্লেখযোগ্য যে হাউলী চহৰৰ মাজমজিয়াত থকা পুখুৰীটোৰ পৰিষ্কাৰ আৰু সৌন্দৰ্য্য বৰ্দ্ধনৰ আঁচনিখনৰ শুভাৰম্ভ কৰাৰ পূৰ্বে মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে হাউলীৰ বিদ্যুৎ উপকেন্দ্ৰটিৰ শক্তি বৰ্দ্ধন আৰু উন্নয়নৰ প্ৰকল্পটিৰ উদ্ধোধন কৰে। এক কোটি টকা ব্যয় সাপেক্ষে সম্পূৰ্ণ কৰা এই আচঁনিখনৰ ফলত বৃহত্তৰ হাউলী অঞ্চলত বিদ্যুৎ পৰিস্থিতিৰ যথেষ্ঠ উন্নয়ন সাধন হৈছে। এই উপলক্ষেও এখন চমু ৰাজহুৱা সভা প্ৰকল্প চৌহদতে অনুষ্ঠিত হয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা