ধৰ্মপ্ৰাণ মহিলা জানু দত্তৰ পৰলোক

ধৰ্মপ্ৰাণ মহিলা জানু দত্তৰ পৰলোক
ফাষ্ট নিউজ ৰিপৰ্ট, নাজিৰাঃ ২৯ আগষ্টঃ
শিমলুগুৰি লোণপুৰীয়া গাঁৱৰ নিবাসী ধৰ্ম প্ৰাণা মহিলা জানু দত্তৰ আজি বিয়লি পাঁচ বজাত নিজা বাসগৃহত পৰলোক প্ৰাপ্তি ঘটে  । কেইমাহমান ধৰি  শয্যাগত হৈ ৰোৱা সৰবৰহী মহিলা গৰাকী প্ৰয়াত যজ্ঞেশ্বৰ দত্তৰ পত্নী আৰু দূৰদৰ্শন/ প্ৰতিদিন টাইমৰ সাংবাদিক মনোজ দত্তৰ মাতৃ আছিল । নামঘৰ আৰু কৃষি ভিত্তিক সংস্কৃতিৰে অভিন্ন হৈ ৰোৱা জানু দত্তৰ বয়স হৈছিল ৭৮ বছৰ । দুজন পুত্ৰসহ বোৱাৰী আৰু এগৰাকী জীসহ জোঁৱাইক এৰি থৈ যোৱা প্ৰয়াত দত্তৰ অন্তিম সংস্কাৰ ৰাজহুৱাভাৱে গধূলিলৈ সম্পন্ন কৰা হয় । তেওঁৰ মৃত্যুত নাজিৰা প্ৰেছ ক্লাৱ, নাজিৰা জিলা সাংবাদিক সংস্থা, শিমলুগুৰি প্ৰেছ গীল্ডে শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে  । 

নাজিৰাৰ পৰা মুনীন্দ্ৰ নাথ শইকীয়া

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা