এবিভিপি বোৰ্কা শাখাৰ উদ্যোগত অনলাইন কবিতা আবৃত্তি প্ৰতিযোগীতাৰ আয়োজন

পঙ্কজ নাথ, চাংসাৰি, ১৯ আগষ্ট :

সম্প্ৰতি কৰোণা মহামাৰীৰ বাবে যোৱা মাৰ্চ মাহৰ পৰা বন্ধ হৈ থকা শিক্ষানুষ্ঠানসমূহৰ শিক্ষাৰ্থীকলৈ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বোৰ্কা শাখাৰ বিশেষ পদক্ষেপ।শিক্ষাৰ্থীসকলক তিনিটাকৈ শাখাত দুটিকৈ কবিতা নিৰ্বাচন কৰি এক অনলাইন কবিতা আবৃত্তি প্ৰতিযোগীতাৰ আয়োজন কৰিছে শাখাটোৱে।প্ৰতিযোগীতাৰ নিয়ম অনুসৰি ক শাখাত দ্বিতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈ,খ শাখাত ষষ্ঠৰ পৰা দশমমানলৈ আৰু গ শাখাত একাদশৰ পৰা ওপৰৰ বয়সৰ সকলো শ্ৰেণীৰ লোকে অংশ ল'ব পাৰিব।একেদৰে ক শাখাৰ বাবে আমাৰ গাওঁ,ধূলিকণা মই,খ শাখাৰ বাবে অসমীয়া ডেকাৰ উক্তি, ভাং ভাং আৰু গ শাখাৰ বাবে মমতাৰ চিঠি, মোৰ দেশ নামৰ কবিতা দুটিকৈ আবৃত্তিৰ বাবে দিয়া হৈছে।২০ আগষ্টৰ পৰা আৰম্ভ হৈ ৩০ আগষ্টত প্ৰতিযোগীতাখনি সমাপ্ত হ'ব আৰু  ৮ ছেপ্টেম্বৰত ফলাফল ঘোষণা কৰি বিজয়ী সকলক পুৰস্কৃত কৰা হব। উক্ত প্ৰতিযোগীতাৰ বিচাৰকৰ আসন শুৱনি কৰিব ভ্ৰাম্যমাণ থিয়েটাৰৰ সুদক্ষ অভিনেতা চম্পক শৰ্মা আৰু মৃদুল ভুঞা, সাংবাদিক হিল্লোল পাঠক, কবি গুৰু জোন, অভিনেত্ৰী ভ্ৰান্তি মেধী, নাট্যকাৰ পল্লৱ পৱনে। প্ৰতিযোগী সকলে ৯৩৬৫৬০৭১০৫ আৰু ৬০০৩৩৯০৮৮৫ হোৱাটচ্আপ নম্বৰত কবিতা আবৃত্তিৰ ভিডিঅ কৰি প্ৰদান কৰিব পাৰিব বুলি অনলাইন প্ৰতিযোগিতাখনিৰ আয়োজক সকলৰ তৰফৰ পৰা ধীৰাজ কলিতাই জানিবলৈ দি প্ৰতিযোগিতা খনিৰ বিষয়ে বিষদভাৱে জানিবলৈ ৭৬৩৮৮৭৬৩০১ মোৱাইল নম্বৰত যোগাযোগ কৰিবলৈ প্ৰতিযোগী সকলক অনুৰোধ জনাইছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা