বিজেপি চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে তথা জনগোষ্ঠীটোৰ জাতীয় স্বাৰ্থত একেলগে যুঁজিবলৈ ঐক্যবদ্ধ হ'ল আক্ৰাছুকে ধৰি কেইবাটাও সংগঠন
শীঘ্ৰে জনজাতিকৰণৰ দাবী ঃ অন্যথা বিধান সভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ মিথ্যাচাৰৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ
জনজাতিকৰণৰ ক্ষেত্ৰত আছুৰ মজিয়াৰ পৰা দাবী জনাবলৈকো আহ্বান
আগন্তুক বিধান সভা অধিবেশনত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ বিধেয়ক গৃহীত কৰাৰ দাবী
কোচ ৰাজবংশী উন্নয়ন পৰিষদখনো নতুনকৈ গঠন কৰিবলৈ দাবী
বঙাইগাঁওঃ১০ আগষ্টঃ পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু অসমৰ কোচ ৰাজবংশী সকলোৰ জনজাতিকৰণৰ দাবীৰ প্ৰতি বিজেপি চৰকাৰে কৰি অহা প্ৰতাৰণাৰ বিৰুদ্ধে একেলগে মাত মতাৰ লগতে যুঁজিবলৈ ঐক্যৱদ্ধ হ'ল সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা , কোচ ৰাজবংশী সংগ্ৰাম সমিতি ,সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনী আৰু কোচ ৰাজবংশী জাতীয় মহাসভাকে ধৰি জনগোষ্ঠীটোৰ কেইবাটাও সংগঠন ৷ কেৱল ঐক্যৱদ্ধ হোৱাই নহয় বৰং অতি শীঘ্ৰে জনগোষ্ঠীটোক জনজাতিকৰণৰ দাবীও উত্থাপন কৰিলে ৷ অন্যথা আগন্তুক ২০২১ৰ নিৰ্বাচনত বিজেপি তথা মিত্ৰজোঁটৰ চৰকাৰখনক যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব বুলিও হুংকাৰ দিছে সংগঠনকেইটাৰ নেতৃত্বই ৷ এই সন্দৰ্ভত সোমবাৰে সংগঠন কেইটাৰ নেতৃত্বই এখন যৌথ সংবাদ মেল আয়োজন কৰি এই কথা সদৰি কৰে ৷ বঙাইগাঁও চহৰৰ গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবত আয়োজন কৰা সংবাদ মেলত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি কৰ্মেশ্বৰ ৰায় ,সাধাৰণ সম্পাদক জীৱেশ ৰায় , মুখ্য উপদেষ্টা হিতেশ্বৰ বৰ্মন , কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি অতুল ৰায় ,কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ কাৰ্যকৰী সভাপতি নিৰ্মল কুমাৰ ৰায়, সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়, সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সভপতি ত্ৰৈলোক্য ৰায় , সাধাৰণ সম্পাদক ধৰ্মেন্দ্ৰ ৰায় আদি শীৰ্ষ নেতৃত্ব উপস্থিত থাকে ৷ সংবাদ মেলত সংগঠন কেইটাৰ নেতৃত্বই কয় যে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা(আক্ৰাছু) আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন সংগঠনে সুদীৰ্ঘ দিন ধৰি পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু অসমৰ কোচ ৰাজবংশী সকলোক অনুসূচিত জনজাতিকৰণৰ বাবে গণতান্ত্ৰিকভাবে আন্দোলন কৰি আহিছে যদিও কেন্দ্ৰ আৰু অসমত অধিষ্ঠিত প্ৰত্যেকখন চৰকাৰে কোচ ৰাজবংশী সকলোক চৰম ভাবে প্ৰতাৰণা কৰি আহিছে ৷বিগত ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপি দলে কেন্দ্ৰত চৰকাৰ গঠন কৰিলে ছয় মাহৰ ভিতৰতে অসমৰ কোচ ৰাজবংশীৰ লগতে পাঁচ জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি বিভিন্ন নিৰ্বাচনী সভা, প্ৰচাৰ মাধ্যম আৰু আনকি বাতৰি কাকতত বিজ্ঞাপন দিছিল ৷ কিন্তু কেন্দ্ৰত নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰ গঠনৰ পিছতে মূৰ পোলকা মাৰি কেন্দ্ৰত পাচঁ বছৰ শাসন পূৰ্ণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দ্বিতীয়টো কাৰ্যালত ভৰি দিলে ৷ তথাপিতো কমতাপুৰ ৰাজ্যৰ দাবী ৰাজনৈতিক ভাবে সমাধান কৰা আৰু কোচ ৰাজবংশীৰ জনজাতিকৰণ প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিয়ে হৈ ৰ'ল বুলি সংবাদমেল যোগে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷ সেইদৰে ২০১৯ চনৰ জানুৱাৰী মাহত খৰখেদাকৈ বিজেপি চৰকাৰে ৰাজ্যসভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়ক উত্থাপন কৰিছিল যদিও বিধেয়কখন সংসদৰ মজিয়াত গৃহীত কৰা দুৰৰে কথা বৰং আলোচনাই নকৰিলে ৷ আনকি এবছু, ট্ৰাইবেল সংঘ, জনজাতি সমন্বয়ৰক্ষী সমিতিৰ বিৰোধতা আৰু শাসনাধিষ্ঠিত চৰকাৰৰ মিত্ৰ দল বিপিএফৰ শীৰ্ষ নেতৃত্ব হাগ্ৰামা মহিলাৰী,চন্দন ব্ৰহ্ম আৰু বিশ্বজিৎ দৈমাৰীয়ে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাক লগত লৈ নতুন দিল্লীলৈ গৈ তদান্তীন কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি জনজাতিকৰণৰ বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে। ফলত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অসমৰ বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পাঁচ জনীয়া মন্ত্ৰীগোট গঠন কৰে ৷ মন্ত্ৰীগোটৰ অধ্যক্ষ হিমন্ত বিশ্ব শৰ্মাই ১৫ দিনৰ ভিতৰতে কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দিম বুলি ৰাজহুৱাকৈ কৈছিল যদিও আজি ডেৰ বছৰ উকলি গ'ল যদিও কোনোধৰণৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰক প্ৰেৰণ নকৰিলে আৰু সেই প্ৰতিশ্ৰুতিও ফুটুকাৰ ফেনত পৰিণত হ'ল ৷ ইয়াৰ জৰিয়তে কংগ্ৰেছ চৰকাৰৰ দৰে বিজেপি চৰকাৰো যে আবেগ সৃষ্টি কৰি অকল ভোট লাভৰ বাবেই মিথ্যাচাৰৰ আশ্ৰয় লৈ চলে সেই কথা এতিয়া দিনৰ পোহৰৰ দৰে পৰিস্ফুট হৈছে ৷ সংবাদ মেলত সংগঠন কেইটাৰ নেতৃত্বই পুনৰ কয় যে কোচ ৰাজবংশী জাতীয় সংগঠনে চৰকাৰৰ প্ৰতাৰণা, বঞ্চনা আৰু মিথ্যাচাৰ বহু সহ্য কৰিলে ৷ কিন্তু এতিয়া আৰু কৰা নহ'ব ৷ সেয়ে বিজেপি নেতৃত্বাধীন অসম তথা কেন্দ্ৰীয় চৰকাৰে যদি কোচ ৰাজবংশীসকলৰ উন্নতি বিচাৰে , তেতিয়াহলে আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ আগতে কেন্দ্ৰীয় চৰকাৰে কমতাপুৰ ৰাজ্যৰ দাবী ৰাজনৈতিক ভাবে সমাধান কৰিবলৈ নতুন দিল্লীত প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী, অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু কোচ ৰাজবংশী জাতীয় সংগঠনৰ সৈতে ত্ৰিপাক্ষীক বৈঠক অনুষ্ঠিত কৰক ৷ সেইদৰে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ মন্ত্ৰীগোটে জনজাতিকৰণৰ বাবে গঠিত ১৯৯৭ চনৰ তদানীন্তন সাংসদ অমৰ ৰায় প্ৰধানী নেতৃত্বাধীন ১৬ জনীয়া সংসদীয় বাচনি কমিটিৰ প্ৰতিবেদনক আধাৰ হিচাবে লৈ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰি কোচ ৰাজবংশীক জনজাতিকৰণৰ মৰ্যাদা দিয়ক ৷ অন্যাথা চেপ্তেম্বৰ মাহৰ পৰাই কমতাপুৰ ৰাজ্য পুণৰ গঠন কৰা, অনুসূচিত জনজাতিকৰণ দাবীত আৰু বিজেপিৰ মিথ্যাচাৰৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলি বিজেপি চৰকাৰক সকীয়াই দিয়ে ৷ সংবাদমেল যোগে কোচ ৰাজবংশী জাতীয় সংগঠন সমূহৰ শীৰ্ষ নেতৃত্বই লগতে প্ৰস্তাৱিত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত কি কি ক্ষমতা হস্তান্তৰ কৰিব সেইসমূহ কোচ ৰাজবংশী জাতীয় সংগঠনৰে অচিৰেই আলোচনা কৰি ৩১ আগষ্টৰ পৰা অনুষ্টিত হ'বলগীয়া আগন্তুক অসম বিধানসভাৰ অধিবেশনত বিধেয়ক গৃহীত কৰি কোচ ৰাজবংশী সংগ্ৰামৰ লগত জৰিত ব্যক্তিক অন্তৰ্ভূক্ত কৰি অন্তৰ্ৱৰ্তীকালীন পৰিষদ গঠন কৰিবলৈ অসম চৰকাৰক দাবী জনায় ৷ সেইদৰে কংগ্ৰেছ চৰকাৰৰ দিনতে গঠন কৰা কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ কাৰ্যকাল যিহেতু উকলি গৈছে , সেয়েহে বিটিচিৰ পৰা উপযুক্ত ব্যক্তিক উন্নয়ন পৰিষদৰ অধ্যক্ষ আৰু আন আন জিলাৰ পৰা কোচ ৰাজবংশীৰ সংগ্ৰামী সংগঠনৰ সদস্যক মনোনীত কৰি অতিশীঘ্ৰে উন্নয়ন পৰিষদখন গঠন কৰিবলৈ অসম চৰকাৰক আহ্বান তথা দাবী জনায় ৷ ইপিনে সংবাদ মেলত আক্ৰাছুৰ সভাপতি কৰ্মেশ্বৰ ৰায়ে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি কয় যে আছুৰ নিচিনা এটা সন্মানীয় সংগঠনৰ আমি কিন্তু আজিলৈকে আমাৰ জনজাতিকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰা দেখিবলৈ পোৱা নাই ৷ তেওঁলোকে বাৰে বাৰে ছয় নং দফা কাৰ্যকৰীকৰণৰ কথা কৈ আহিছে ৷ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবেহে ছয় নং দফা ৷ গতিকে আমি ছয় জনগোষ্ঠীয়ে যে জনজাতিকৰণ বিচাৰি আছো যদিহে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰে ,তেতিয়াহলে ছয় নং দফাৰ সত্তৰ শতাংশ কাৰ্যকৰী হ'ব ৷ কিন্তু তৎস্বত্বেও আছুই ছয় জনগোষ্ঠীৰ জজাতিকৰণৰ ক্ষেত্ৰত কোনো মাত নামাতে আৰু চৰকাৰকো হেঁচা নিদিয়ে ৷ আক্ৰাছুৰ নেতাগৰাকীয়ে আছুৰ নেতৃত্বক আহ্বান জনাই কয় যে আছুই যিহেতু সদায় খিলঞ্জীয়াৰ অস্তিত্বৰ কথা কৈ আহিছে ,সেয়ে কোচ ৰাজবংশীসকলো খিলঞ্জীয়া জনগোষ্ঠী ৷ গতিকে জনজাতিকৰণৰ বিষয়টোত আছুৰ মজিয়াৰ পৰা চৰকাৰক দাবী জনাবলৈকো আহ্বান জনায় ৷ আক্ৰাছু নেকাগৰাকীয়ে বিটিএডিত কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকে বিভিন্ন অসুবিধাত ভুগি থকা বুলি কৈ দেওবাৰে চিৰাং চিলাৰ বাসুগাঁৱত বড়ো জনগোষ্ঠীৰ লোকে ম্যাদী পট্টাৰ মাটি দখল কৰিবলৈ চেষ্টা চলোৱা বুলিও কয় ৷ আনহাতে সাধাৰণ সম্পাদক জীৱেশ ৰায়ে কয় যে কোচ ৰাজবংশী জনগোষ্ঠীৰ জলন্ত সমস্যাসমূহ যদি এইখন মিত্ৰ জোঁটৰ চৰকাৰে সমাধান নকৰে ,তেতিয়াহলে আমি ৰাজনৈতিক প্ৰক্ৰিয়াত ভাগ ল'ম আৰু ইতিমধ্যে এই বিষয়ত গোপনে আলোচনা চলাই থকা হৈছে ৷ সেয়েহে যদি বিজেপি চৰকাৰখনে আমাক পুনৰবাৰ ৰাম ঠগন দিয়ে আৰু প্ৰতাৰণা কৰে ,তেতিয়াহলে অচিৰেই আমি আমাৰ ৰাজনৈতিক সিদ্ধান্তৰ বিষয়টো ৰাজহুৱা কৰিম ৷ সংবাদ মেলত সংগ্ৰাম সমিতিৰ সভাপতি অতুল ৰায়ে কয় যে আমি ইতিমধ্যে জাতীয় স্বাৰ্থত একেলগে যুঁজ দিয়াৰ বাবে কেইবাটাও সংগঠন ঐক্যৱদ্ধ হৈছো আৰু কেইবাটাও সংগঠনৰ লগত আমাৰ যেগাযোগ চলি আছে ৷ আমি জনগোষ্ঠীটোৰ সংগঠনসমূহলৈ এটাই আহ্বান জনাইছো যে আমাৰ ব্যক্তিগত আবেগ- অনুভূতি যিয়ে নাথাকক , সেয়া জাতীয় স্বাৰ্থত আমি সকলোৱে মিলি আমাৰ সমস্যাৰ ক্ষেত্ৰত মাত মাতিব লাগে ৷ লগতে আমাৰ জনগোষ্ঠীটোৰ আৰু যিসমূহ সংগঠন আছে সকলোৱে আগবাঢ়ি আহক আৰু আমি একেলগে লগ লাগি আমাৰ সমস্যা সমাধান কৰো ৷ সেইদৰে কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে কয় যে এয়া সময়ৰ আহ্বান আৰু আক্ৰাছুৰ নেতৃত্বত আমি সকলোৱে একত্ৰিত হৈছো ৷ কিন্তু আমি দেখিছো যে আমাৰ এই বহুধা বিভক্ত সংগঠনসমূহৰ সুযোগলৈ বাৰে বাৰে চৰকাৰে আমাক প্ৰতাৰণা কৰে ৷ এটা সংগঠনে যদি আলোচনালৈ গৈছে আন এটাই বিৰোধিতা কৰিছে ৷ এই সুযোগটো চৰকাৰে লৈছে ৷ গতিকে এই সুযোগ আৰু আমি চৰকাৰক নিদিও ৷ লগতে দুই - এজন ব্যক্তি বিশেষকলৈ যি কোচ ৰাজবংশী সংগঠন আছে তেওঁলোকেও জাতিৰ বৃহত্তৰ স্বাৰ্থত আমাৰ লগত ঐক্যবদ্ধ হ'বলৈ আগবাঢ়ি আহিব লাগে ৷ আক্ৰাছু এটা ৷ পূৰ্বতেও এটা আছিল আৰু আজিৰ তাৰিখতো যে এটাই সেই বাৰ্তাটো ৰাইজক জনাব লাগে ৷ দুই - এজন ব্যক্তি বিশেষে কোনোবা এটা সংগঠনৰ নেতৃত্ব দিব, সেই কথাটো আৰু এতিয়া কোচ ৰাজবংশী জনসাধাৰণে মানি নলয় ৷ গতিকে আমি ঐক্যবদ্ধ হৈছো আৰু কোচ ৰাজবংশী জনসাধাৰণলৈ এটা বাৰ্তা দিব বিচাৰিছো যে আমাৰ এই ঐক্যবদ্ধতাইহে কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰৰ যি অনিহা সেই অনিহা ওফৰাই পেলাব পাৰিম ৷ আৰু যদি আমি বহুধা বিভক্ত হৈ থাকো আৰু দুই - এজন ব্যক্তি বিশেষে কাগজত বিবৃতি দি জাতি উদ্ধাৰ কৰিব খোজে ,তেতিয়াহলে সেইটো কেতিয়াও সম্ভৱপৰ নহ'ব ৷ সেয়ে সকলকে আগবাঢ়ি আহিবলৈ বিশ্বজিৎ ৰায়ে আহ্বান জনায় ৷ সংবাদ মেলত সংগঠন কেইটাৰ নেতৃত্বই স্পষ্টভাৱে কয় যে যদিহে বিজেপি চৰকাৰে আগন্তুক বিধান সভা নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশীসকলক জনজািকৰণ নকৰে কেতিয়াহলে বিজেপি দল তথা চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব ৷ সংবাদ মেলত আক্ৰাছু, কোচ ৰাজবংশী যুৱ- ছাত্ৰ সন্মিলনী, কোচ ৰাজবংশী সংগ্ৰাম সমিতি, মূল সন্মিলনী আৰু কোচ ৰাজবংশী জাতীয় মহাসভাৰ কেবাজনো শীৰ্ষ নেতা উপস্থিত আছিল।
প্ৰণৱ কুমাৰ ডেকা
Comments
Post a Comment