নলবাৰীৰ দিহজাৰী গাঁৱৰ প্ৰতিভাৱান যুৱকৰ কৰুণ মৃত্যুত শোকৰ ছাঁ

*নলবাৰীৰ দিহজাৰী গাঁৱৰ প্ৰতিভাৱান যুৱকৰ কৰুণ মৃত্যুত শোকৰ ছাঁ*

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ৩০ আগষ্ট*

সহজে মানি ল'ব নোৱাৰা এক মৃত্যু ৷ একেবাৰে কম বয়সীয়াজনৰ মৃত্যুত স্বাভাৱিকতে ব্যথিত হয় মানৱসমাজ ৷ নলবাৰী জিলাৰ দিহজাৰী গাঁৱৰ প্ৰতিভাৱান খেলুৱৈহিতেশ বৰ্মনৰ অকাল মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে । দেউতাক ঘনশ্যাম বৰ্মন আৰু মাক গীতুমনি বৰ্মনৰ ১৭ বছৰীয়া হিতেশৰ আজি ৪ দিন ধৰি পৰা জণ্ডিছ ৰোগত আক্ৰান্ত হৈ আছিল । কালি হঠাৎ নাক আৰু মুখেৰে তেজ ওলাই আহি সন্ধিয়া ৫-৩০ বজাত বৰ অমায়িক ল'ৰাজনে সকলোকে কন্দুৱাই হঠাৎ শেষ নিশ্বাস ত্যাগ কৰে । অতিকৈ দুখীয়া পৰিয়ালৰ ল'ৰা হোৱা হেতুকে বনভাগ খাতা দিহজাৰী হাইস্কুলৰ পৰা এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ হৈ হিতেশে পঢ়া সামৰিবলৈ বাধ্য হয় । তেওঁ পূব নলবাৰী ক'চিং চেণ্টাৰৰ নিয়মীয়া ভলীবল খেলুৱৈ আছিল । খেলুৱৈ হোৱাৰ প্ৰৱল ধাউতি থকা হিতেশৰ মৃত্যুত স্থানীয় বিধায়ক অশোক শৰ্মা, ভাৰতীয় জনতা পাৰ্টীৰ বড়িগোগ বনভাগ মণ্ডলৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, পূব নলবাৰী ক'চিং চেণ্টাৰৰ সভাপতি দীপক কুমাৰ দাস লগতে হিন্দু সুৰক্ষা মঞ্চৰ তৰফৰ পৰা হিতেশৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা