নলবাৰীৰ ঘগ্ৰাপাৰৰ-জাবজাবকুছি টেক্সটাইল প্ৰচেছ হাউচ ৰূপান্তৰিত হ'ব ইণ্ডাষ্ট্ৰিয়েল পাৰ্কলৈ

১৮ টা লঘূ উদ‍্যোগ স্থাপনৰ দিহা অসম উদ‍্যোগিক উন্নয়ন নিগমৰ*

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১৯ আগষ্ট*

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত জাবজাবকুছিস্থিত টেক্সটাইল প্ৰচেছ হাউচটো অনাগত দুমাহৰ ভিতৰতে ইণ্ডাষ্ট্ৰিয়েল পাৰ্কলৈ ৰূপান্তৰিত হ'ব । বিগত ৩০ বছৰ পূৰ্বে স্থাপন কৰা উদ‍্যোগটো ৰাজ‍্য চৰকাৰ আৰু উদ‍্যোগ বিভাগৰ হেমাহিত স্থাপনৰ এবছৰ পিচৰে পৰা বন্ধ হৈ পৰিছিল । কোটি কোটি টকা ব‍্যয় সাপেক্ষে স্থাপন কৰা উদ‍্যোগটো অব‍্যৱহৃত হৈ পৰি থকাত ইয়াৰ সমগ্ৰ যন্ত্ৰ-পাতি বিকল হৈ থকাৰ লগতে হাবি-জংঘলে আগুৰি ধৰিছে । ১৯৯০ চনত মুকলি কৰা উদ‍্যোগটো কোনো এখন চৰকাৰে পুণৰুজ্বীবিত কৰাৰ চিন্তা নকৰিলে । লক্ষণীয়ভাৱে ইয়াৰ মাজতে অঞ্চলটোৰ নিবনুৱা সমাজৰ বাবে উদ‍্যোগ মন্ত্ৰী চন্দ্ৰমোহন  পাটোৱাৰী, বিধায়ক অশোক শৰ্মা আৰু অসম উদ‍্যোগিক উন্নয়ন নিগমে আশাৰ বাৰ্তা কঢ়িয়াই আনিছে । প্ৰচেছ হাউচটোৰ পৰিত‍্যক্ত গৃহটোৰ লগতে ই সামৰি থকা ৪৭ বিঘা ভূমিত অসম উদ‍্যোগিক উন্নয়ন নিগমে মুঠ ১৮ টা লঘূ উদ‍্যোগ ব‍্যক্তিগত খণ্ডত স্থাপনৰ প্ৰস্তুতি চলাইছে । ইতিমধ্যে প্ৰচেছ হাউচটোৰ মূল ভৱনটো ইন্দোৰৰ এম এছ এম ই (MSME) নামৰ চেলাইন প্ৰস্তুতকাৰী সংস্থাটোৱে লীজত লোৱা বুলি জানিব পৰা গৈছে । প্ৰচেছ হাউচটোৰ চৌহদত আন ১৭ টা লঘূ উদ‍্যোগ স্থাপনৰ বাবে ভূমি লীজত দিয়াৰ কাৰণে অহা মাহত নিবিদা আহ্বান কৰিব বুলি উদ‍্যোগিক কৰ্তৃপক্ষই জনাইছে । ইতিমধ্যে অসম উদ‍্যোগিক উন্নয়ন নিগমে প্ৰচেছ হাউচটোৰ চৌহদত থকা হাবি, বনসমুহ কাটি পৰিস্কাৰ কৰাৰ লগতে চৌহদৰ ভিতৰত থকা মুখ্য পথকেইটা আহল-বহলকৈ পকীকৰণৰ কাম পূৰ্ণগতিত চলাই আছে । ইফালে নলবাৰীৰ বিধায়ক অশোক শৰ্মাই অসম উদ‍্যোগিক উন্নয়ন নিগমৰ অতিৰিক্ত মহাপ্ৰৱন্ধক অতুল মজুমদাৰ আৰু পৰিচালক মৃনাল বৰাক লগত লৈ প্ৰচেছ হাউচটোত স্থাপন হ'বলগীয়া ইণ্ডাষ্ট্ৰীয়ে উক্ত পাৰ্কখন পৰিদৰ্শন কৰি অগ্ৰগতিৰ বুজ লয় । পৰিদৰ্শন কালত বিধায়কগৰাকীয়ে উক্ত ক্ষুদ্ৰ উদ‍্যোগসমূহ স্থাপন হ'লে সমষ্টিটোৰ প্ৰায় চাৰি হাজাৰ নিৱনুৱাই কৰ্ম সংস্থাপন লাভ কৰিব বুলিও মন্তব্য কৰে । লগতে বিধায়কগৰাকীয়ে ক্ষুদ্ৰ উদ‍্যোগকেইটা খৰতকীয়াভাৱে স্থাপন কৰিবলৈ যাবতীয় ব‍্যৱস্থা গ্ৰহণ কৰাৰ বাবে অসম উদ‍্যোগিক উন্নয়ন নিগমক নিৰ্দেশ দিয়ে লগতে এই ক্ষেত্রত অসম তথা দেশৰ অন্যান্য প্ৰান্তৰ 
উদ‍্যোগীসকল আগবাঢ়ি আহিব বুলিও  বিধায়কগৰাকীয়ে আশা প্ৰকাশ কৰে । ইপিনে প্ৰচেছ হাউচটো সংযোগী ঘগ্ৰাজানৰ পাৰে পাৰে থকা বিধ্বস্ত হৈ পৰা পথছোৱাৰ উন্নীতকৰণৰ কাম শীঘ্ৰে আৰম্ভ কৰা হ'ব বুলিও বিধায়ক অশোক শৰ্মাই সদৰী কৰে ।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা