নগাঁৱত এছ বি আইৰ হয়বৰগাঁও শাখাৰ কৰ্মচাৰীৰ দেহত ক’ভিড পজিটিভ

 নগাঁৱত এছ বি আইৰ হয়বৰগাঁও শাখাৰ কৰ্মচাৰীৰ দেহত ক’ভিড পজিটিভ≈≈ৰাইজৰ মাজত আতংক  #

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৮ আগষ্টঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাটো কৰ’নাত আক্ৰান্তৰ সংখ্যা নিতৌ বৃদ্ধি পাই অহাৰ সময়তে জিলাখনৰ ভাৰতীয় ষ্টেট বেংকৰ হয়বৰগাঁও শাখাৰ কৰ্মচাৰী ৰাতুল শইকীয়াৰ দেহত ক’ভিড পজিটিভ চিনাক্ত হোৱাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে ৷ কিয়নো কালি ক’ভিড টেষ্টৰ ফলাফল অহাৰ সময়লৈকে শাখাটোত কৰ্মৰত হৈ আছিল কৰ্মচাৰীজন ৷ সেয়ে ক’ৰ’নাত আক্ৰান্ত কৰ্মচাৰীজনৰ পৰা বহু লোকলৈ ইয়াৰ সংক্ৰমণ হোৱাৰ আশংকাত ভূগিছে বেংকটোৰ আন কৰ্মচাৰী তথা গ্ৰাহকসকল ৷ ইফালে, একমাত্ৰ ব্যৱসায়িক চিন্তাধাৰাৰে বিষয়টো গাপ দিয়াৰ চেষ্টা কৰাৰ গুৰুত্বৰ অভিযোগ উঠিছে মুখ্য শাখা পৰিচালকজনৰ বিৰুদ্ধে ৷ যিহেতু ক’ভিড আক্ৰান্ত কৰ্মচাৰীজন কাৰ্যালয়ত কৰ্মৰত হৈ আছিল সেয়ে কাৰ্যালয়টো ছেনিটাইজ কৰাৰ লগতে বাকী বিষয়া-কৰ্মচাৰীসকলৰ ক’ভিড টেষ্ট কৰোৱাটো অতি দৰকাৰী আছিল যদিও আজি পুৱা পৰ্যন্ত তেনে ব্যৱস্থা লোৱা নাছিল বেংকটোৰ মুখ্য শাখা পৰিচালকজনে ৷ ফলত আতংকিত হৈ শাখাটোৰ কেইবাজনো বিষয়া কৰ্মচাৰী আজি কাৰ্যালয়ত অনুপস্থিত আছিল  ৷ অৱশ্যে একাংশ সচেতন লোকে আজি বিষয়টো জিলা প্ৰশাসনক অৱগত কৰাৰ পাছতহে উপায়ন্তৰ হৈ মুখ্য শাখা পৰিচালকজনে ফোন যোগে বিষয়টো অৱগত কৰে নগাঁও জিলা উপায়ুক্তক ৷ নিজৰ শাখাটোৰ কৰ্মচাৰী ক’ভিড পজিটিভ হোৱাৰ ২৪ ঘন্টাৰ পিছতো জিলা প্ৰশাসনক অবগত নকৰি  ৰহস্যজনকভাবে মৌনতা অৱলম্বন কৰা শাখাটোৰ মুখ্য পৰিচালক ৰুপক দাসৰ বিৰুদ্ধে জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকক ব্যৱস্থা গ্ৰহনৰ দাবী জনাইছে সচেতন মহলে ৷ 
==================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা