গ্ৰামীণ শ্ৰমিক সন্থাৰ উদ্যোগত "ঋণমুক্তি দিৱস" কাৰ্যসূচী ৰূপায়ন

গ্ৰামীণ শ্ৰমিক সন্থাৰ উদ্যোগত "ঋণমুক্তি দিৱস" কাৰ্যসূচী ৰূপায়ন #

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৪ আগষ্টঃ চি পি আই (এমএল) ৰ আহ্বানত দেশজুৰি মাইক্ৰ'ফাইনেঞ্চ কোম্পানীৰ শোষণ-লুণ্ঠন তথা এজেন্ট সকলে গ্ৰাহকক কৰা হাৰাশাস্তিৰ বিৰুদ্ধে মাইক্ৰ'ফাইনেঞ্চকে ধৰি সকলো ক্ষুদ্ৰ ঋণৰ কিস্তি আদায় ২০২১ চনৰ ৩১মাৰ্চ লৈ বন্ধ ৰখা, দুখীয়া ঋণগ্ৰস্ত ৰাইজৰ ঋণ মাফ কৰা, যি পৰিয়ালৰ আয় এক লাখ টকাত কৈ কম সেই পৰিয়াল সমূহৰ পৰা কিস্তি সংগ্ৰহৰ নামত হাৰাশাস্তি বন্ধ কৰা, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ নিৰ্দেশনা উলংঘা কৰা, মাইক্ৰ'ফাইনেঞ্চ কোম্পানীৰ অনুজ্ঞাপত্ৰ ততালিকে বাতিল কৰা সহ দহ দফীয়া দাবীত অনুষ্ঠিত "ঋণমুক্তি দিৱস" সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ উদ্যোগত তথা মাইক্ৰ'ফাইনেঞ্চ শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ সক্ৰিয় সমৰ্থনত বৃহস্পতিবাৰে নগাঁও জিলাৰ জাজৰি, ৰহঢলা, চকলাঘাট, জৰাবাৰী, কহুৱাআটি, ৰহা, ডিমৌ, জুৰীয়া, শিঙাৰী আদি অঞ্চলত ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সম্পাদক অৰূপ কুমাৰ মহন্তই কয় যে--বিগত বছৰকেইটাত চৰকাৰে প্ৰাইভেট বেঙ্ক আৰু মাইক্ৰ'ফাইনেঞ্চ কোম্পানীবোৰক ক্ষুদ্ৰ ঋণ আৰু সঞ্চয়ৰ ক্ষেত্ৰত খোলাখুলিকৈ ব্যৱসায় কৰিবলৈ এৰি দিয়াৰে পৰা গাঁৱৰ মহিলাসকলক আত্মনিৰ্ভৰশীল কৰাতকৈ এইবোৰৰ লক্ষ্য হৈছে মহিলাৰ ক্ষুদ্ৰ সঞ্চয় লুটিপুটি ঋণৰ জালত পেলাই লৈ গাওঁ অঞ্চলত নতুনকৈ মহাজনী ঋণ ব্যৱস্থা জাপি দিয়া । লকডাউনৰ ফলত যেতিয়া উপাৰ্জনৰ পথ বন্ধ হৈ পৰিছে আৰু ৰাইজে ভোকে-লঘুণে কঁকবকাইছে তেতিয়া মোদী চৰকাৰে ঋণগ্ৰস্ত দুখীয়া ৰাইজৰ বাবে একোৱেই নকৰিলে । লকডাউনৰ সময়ত চৰকাৰে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰিছিল কিন্তু উক্ত পেকেজত দৰিদ্ৰ ঋণগ্ৰস্ত মহিলাৰ বাবে একোৱেই নাই । আনকি প্ৰবাসী শ্ৰমিকসকলৰ বাবে চৰকাৰে যি ৫০ লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰিছিল তাত অসমৰেই নাম নাই । চৰকাৰে বিজয় মালিয়া, নীৰৱ মোদীৰ দৰে ৫০ গৰাকী পুঁজিপতিৰ এক লাখ ছয়ষষ্টি হেজাৰ কোটি টকা ঋণ মাফ কৰি দিছে।  কিন্তু কিয় দুখীয়া ঋণগ্ৰস্ত ৰাইজৰ ঋণ মাফ কৰা নহ'ল ? চৰকাৰে ৩১ আগষ্টলৈকে ঋণৰ কিস্তি আদায় স্থগিত ৰখাৰ পাছতো ঘৰে ঘৰে গৈ কোম্পানীৰ এজেণ্টবোৰে বলপূৰ্বকভাৱে কিস্তি আদায় কৰি আছে । কিন্তু মোদী চৰকাৰে জানি বুজি চৰকাৰী নিৰ্দেশনা উলংঘা কৰা কোম্পানীৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নাই । মহিলাৰ সবলীকৰণৰ ঢোল বজোৱা চৰকাৰে কিয় এনআৰএলএম -ৰ অধীনত আত্মসহায়ক গোট সমূহক সংগঠিত কৰি উপাৰ্জনৰ উপায় সৃষ্টি নকৰিব ? যি সময়ত এই চৰকাৰেই এমুঠি পুঁজিপতিৰ কোটি কোটি টকাৰ ঋণ মাফ কৰিছে তেতিয়া কিয় দুখীয়া ঋণগ্ৰস্ত ৰাইজৰ ঋণ মাফ কৰা নহ'ব ?" লগতে মহন্তই মাইক্ৰ'ফাইনেঞ্চ কোম্পানীৰ শোষণ-লুণ্ঠন আৰু এজেণ্টসকলৰ হাৰাশাস্তিৰ বিৰুদ্ধে দেশব্যাপী আহ্বান কৰা এই "ঋণমুক্তি দিৱস" কাৰ্যসূচী সমগ্ৰ অসমতে সফল কৰি তোলাৰ বাবে ৰাইজক বিশেষকৈ মাইক্ৰ'ফাইনেঞ্চ কোম্পানী শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ সকলো অংশীদাৰ সংগঠন সমূহলৈ কৃতজ্ঞতা আৰু সংগ্ৰামী অভিনন্দন জনায়। উল্লেখ্য, এই কাৰ্যসূচী নগাঁৱৰ সমান্তৰালকৈ তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, হোজাই, গোৱালপাৰা আদি জিলাটো ৰূপায়ন কৰা হয়।
===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা