ঐতিহাসিক এখন থান সুৰক্ষা প্ৰদানৰ বাবে আশ্বাস জলসম্পদ বিভাগৰ

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ ,১৪ আগষ্ট : দিচাং নদী ভয়ংকৰ খহনীয়াত কৰাল গ্ৰাসত পৰি প্ৰায় নিঃশ্চিহ্ন হোৱাৰ উপক্ৰম ঘটিছে এখন ঐতিহাসিক থান । শিৱসাগৰৰ ডিমৌমুখ চেঁচা সত্ৰ গাঁৱত থকা দৌলেশ্বৰ আতা দেৱৰ থানখন যিকোনো মুহূৰ্ততে নদীখনৰ বুকুত বিলীন হোৱাৰ সম্ভৱনা প্ৰকট হৈ পৰিছে । ইতিমধ্যে থানখনত সুৰক্ষা দি থকা ১৫০ বছৰীয়া বট বৃক্ষ জোপা নদীখনৰ বুকুত জাহ গৈছে ।উল্লেখ্য যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কোচ বিহাৰলৈ গমন কৰা আগমুহূৰ্তত উজনিত কাল সংহতি গভীৰভাৱে শিপাবলৈ ধৰিছিল।সেয়েহে গুৰুজনাই উজনিত কাল সংহতিৰ পৰিৱৰ্তে  এক শৰন ভাগৱতী  ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ বাবে গোপাল দেৱ আতাক দায়িত্ব দি উজনিলৈ পঠিয়াইছিল।কিন্তু বিভিন্ন জাতি-জনগোষ্ঠী বিৰাজমান হৈ থকা উজনিত কাল সংহতি আঁতৰাই একেশ্বৰবাদ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল।সেয়েহে তেওঁ উজনিত থকা জাতি-জনগোষ্ঠীৰ নিজস্ব ৰীতি-নীতি পৰম্পৰাগত অটুত ৰাখিবলৈ চেষ্টা কৰাৰ লগতে একেশ্বৰবাদ প্ৰতিষ্ঠা কৰিছিল। লক্ষীমপুৰ জিলাত প্ৰতিষ্ঠা হোৱা সত্ৰখন স্থলাভিষক্ত হৈ নকৈ প্ৰতিষ্ঠা হৈছিল দিচাঙৰ বৰ্তমান শিৱসাগৰ জিলাত।শিৱসাগৰ জিলাৰ দিচাঙৰ সিপাৰে ডিমৌমুখত চেঁচা সত্ৰখন স্থাপন কৰা হৈছিল।সত্ৰখনৰ আদি পুৰুষ দৌলেশ্বৰ আতাক মৃত্যুৰ পিছত আজিৰ পৰা ২ শতিকাৰ পূৰ্বে দিচাঙৰ পাৰত সৎকাৰ কৰি সমাধি দিয়া হৈছিল।সেই সমাধি ক্ষেত্ৰক পিছলৈ এখন থানলৈ উন্নীত কৰি সেই ঠাইডোখৰক দৌলেশ্বৰ আতা দেৱৰ থান ৰূপে নামাংকিত কৰা হয়। বৰ্তমানেও থানখনত ভক্তি পূজা-অৰ্চনা কৰে।লোকবিশ্বাস অনুসৰি ভক্তি ভাবেৰে ধূপ-নৈবেদ্য আগবঢ়ালে ভক্তৰ মনোকামনা পূৰ্ণ কৰে থানখনে। ঐতিহাসিক থানখন অস্বিস্ত ক্ৰমে হেৰাই যাবলৈ ধৰাত অসম আদিত্য কাকতত বিগত বৰ্ষৰ পৰা চলিত বৰ্ষলৈকে ধাৰাবাহিক বাতৰি পৰিবেশন কৰাৰ পিছতো গা নলৰাত এই প্ৰতিবেদকে অলপতে থানখন প্ৰবল গৰাখহনীয়াত নিঃশেষ হৈ যাব বুলি জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা উৎপল মজুনদাৰক মৌখিকভাৱে জনোৱাত খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি  আশ্বাস প্ৰদান কৰিছিল।কাৰ্যবাহী অভিযন্তাজনৰ নিৰ্দেশত গগৈ উপাধি এজন কনিষ্ট অভিযন্তাজনে গৰাখহনীয়া     কবলত পৰা থানখন পৰিৰ্দশন কৰিছিল।পৰিৰ্দশনৰ কালছোৱাত কনিষ্ট অভিযন্তাজনে ঐতিহাসিক থানখন অৱশিষ্ট মাটি খিনি সংৰক্ষণ কাৰণে ব্যঙ্গত্মাক মন্তব্য আগবঢ়ায়।তেওঁৰ মতে দিচাং নদীখনে থানখনতকৈ বাকী দুই-  তিনিখন গাঁৱত অতিকৈ ভয়াৱহ ৰূপ লৈছে বুলি মন্তব্য কৰে।দিচাং নদী খহনীয়া সম্পৰ্কে থানখনৰ পৰা আৰম্ভ কৰি নৈপৰীয়া গাঁওসমূহৰ খহনীয়া ৰোধ কৰিবৰ বাবে বিভিন্ন সময়ত অসম আদিত্য কাকতত বাতৰি পৰিবেশন হৈছিল।শ্ৰীমন্ত শংকৰদেৱৰ গুৰুজনাৰ নিৰ্দেশত একশৰণ নাম ধৰ্মৰ প্ৰতিষ্ঠা  বাবে যোৱা গোপাল দেৱৰ আতাৰ স্মৃতিত জাকত-জিলিকা হৈ থাকিবৰ বাবে উক্ত গাঁৱখনত থানখন প্ৰতিষ্ঠা কৰিছিল।যিসময়ত মিত্ৰজোঁট চৰকাৰে ঐতিহাসিক সত্ৰ,নামঘৰ,মন্দিৰ,দৌল- দেৱালয় প্ৰতিষ্ঠা,সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে কোটি কোটি টকা ব্যয় কৰি আহিছে তেনে সময়তে চেঁচা সত্ৰ গাঁৱত থকা ঐতিহাসিক থানখন নদী খহনীয়াত জাহ যোৱাৰ সম্ভৱনা দেখি বিভাগীয়  কৰ্তৃপক্ষক প্ৰতিৰোধৰ বাবে অনুৰোধ জনোৱাত এজন দায়িত্বশীল বিষয়া অৰ্থহীন মন্তব্যই সত্ৰ নগৰীত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা