গুৱাহাটীত লজিজষ্টিক সেৱা 'অন ট্ৰেক ছলিউচন' মুকলি




ষ্টাফৰিপ'ৰ্টাৰ,,,১০ আগষ্ট।।।।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়াৰ প্ৰতি সঁহাৰি জনাই সোমবাৰে গুৱাহাটীৰ গড়চুকত অনুষ্ঠানিক ভাৱে মুকলি কৰা হ'ল লজিজষ্টিক সেৱা 'অন ট্ৰেক ছলিউচন'। সম্পূৰ্ণ সুৰক্ষিতভাৱে সামগ্ৰী আদান-প্ৰদানৰ প্ৰতি নিশ্চিত সেৱা মহানগৰীৰ গড়চুক চাৰিআলিত 'অন ট্রেক ছলিউচন' আজি অনুষ্ঠানিক ভাৱে মুকলি কৰি বিজেপিৰ মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে কয়"-এই সেৱাই ব্যৱসায়ীসকলক লাভম্বিত কৰিব। গুৱাহাটীৰ পৰা বুকিং কৰিবলগীয়া সামগ্ৰী সমূহ আইজল,শিলচৰ, কৰিমগঞ্জ হাইলাকান্দিলৈ সুৰক্ষিত ভাৱে কঢ়িয়াই নিয়া হ'ব। ব্যৱসায় সকলে সম্পূৰ্ণ ডিজিটেল সেৱাৰ জৰিয়তে এই সুবিধা লাভ কৰিব। মাত্ৰ এপ ডাউনলোড কৰিয়েই তেওঁলোকৰ সামগ্রী কেতিয়া কোন সময়ত লাভ কৰিব অথবা কোন স্থানত বৰ্তমান আছে তাৰ সম্পূৰ্ণ তথ্য ডিজিটেল মাধ্যমৰ জৰিয়তে অৱগত হ'ব। প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী ৰাজেশ কুমাৰ মিশ্ৰই এই সন্দৰ্ভত কয়"-আইজল,শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জ আদি অঞ্চল সমূহলৈ ব্যৱসায় সকলে সামগ্ৰী সৰবৰাহ কৰাৰ ক্ষেত্ৰত বিভিন্ন সময়ত অসুবিধাৰ সন্মুখীন হৈ আহিছে। সেয়ে অনলাইনত অথবা ডিজিটেল পদ্ধতিৰ জৰিয়তে সুৰক্ষিতভাৱে সামগ্ৰীবোৰ নিৰ্দিষ্ট স্থানত কঢ়িয়াই নিয়াৰ উদ্দেশ্যে 'অন ট্ৰেক ছলিউচন' মুকলি কৰা হৈছে। ২৪ ঘণ্টাই এই সেৱা মুকলি হৈ থাকিব। ব্যৱসায়ীসকলে সকলো ধৰণৰ সুবিধা লাভ কৰিব।
 বিশেষকৈ, খাদ্য সামগ্ৰী, ৰং, ঘৰ সজ্জা সামগ্রী আদি কৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী সমূহ বিভিন্ন স্থানলৈ কঢ়িয়াই নিয়া হ'ব। গ্ৰাহক কিম্বা ব্যবসায় গৰাকীয়ে গড়চুকৰ কার্যালয়ত বুকিং কৰিব লাগিব। অতি কম সময়ৰ ভিতৰত আৰু সুৰক্ষিতভাৱে গ্ৰাহকসকলে  সামগ্ৰীসমূহ যোগান ধৰাৰ উদ্দেশ্যে এই সেৱা মুকলি কৰিছে বুলি স্বত্বাধিকাৰী গৰাকীয়ে জানিবলৈ দিয়ে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা