সেৱা ভাৰতী পূৰ্বাঞ্চলৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

টিহু , ১০ আগষ্ট  : বানপানীৰ পিছতে এতিয়া বানপিড়ীত অঞ্চল সমূহত দেখা দিছে নানান ৰোগে । কৰোণা মহামাৰীৰ বিভিষিকাৰ বাবে চিকিৎসালয় সমূহতো এতিয়া চিকিৎসা কৰা কঠিন হৈ পৰিছে  । এনে এক দুৰ্যোগৰ সময়তে সেৱা ভাৰতী পূৰ্বাঞ্চলে বানপিড়ীত অঞ্চল সমূহত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰি আহিছে  । কালি টিহুৰ সমিপৰ কাউৰেহাগী মধ্য ইংৰাজী বিদ্যালয়ত সেৱা ভাৰতী পূৰ্বাঞ্চলৰ উদ্যোগত এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন হয়  । অসমৰ বন আৰু পৰিৱেশ মন্ত্ৰণালয়ৰ ব্ৰেণ্ড এম্বেচাদৰ আনন্দ খাটনিয়াৰে গছ পুলি ৰোপণেৰে উদ্বোধন কৰা স্বাস্থ্য পৰীক্ষা শিবিৰ টোত প্ৰায় ১৫০ গৰাকী লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰা হয়  ।  শিক্ষক তথা সমাজকৰ্মী ৰঞ্জিত শৰ্মা আৰু যুৱ নেতা ৰিতুৰাজ ডেকাই আত ধৰা শিবিৰ টোত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল(GMCH)ৰ চিকিৎসক ডা: ধিৰেন দাস, ডা: ৰাহুল কুমাৰ,   ডা: অঞ্জন বৰ্মন,  ডা: ৰৌনাক জৈন, ডা: নবমল্লিকা ডেকা আৰু ডা: অৰ্ণৱ কপিলে চিকিৎসা আগবঢ়াই  । স্বাস্থ্য পৰীক্ষা শিবিৰটো  সেৱা ভাৰতী পূৰ্বাঞ্চলৰ নলবাৰী জিলাৰ প্ৰচাৰক জ্ঞান মোহন মণ্ডল আৰু নলবাৰী জিলা  সেৱা  প্ৰমুখ  নব কুমাৰ মজুমদাৰে তদাৰক কৰে । সেৱা ভাৰতী পূৰ্বাঞ্চলৰ এনে কাৰ্যক ৰাইজে শলাগ লয়  ।

প্ৰেৰক : ৰূপ কুমাৰ শৰ্মা, টিহু

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা