ৰঙিয়াত উকীল সন্থাৰ প্ৰতিবাদী কাৰ্যসূচীত উত্তাল আদালত চৌহদ

ৰঙিয়াত উকীল সন্থাৰ প্ৰতিবাদী কাৰ্যসূচীত উত্তাল আদালত চৌহদ 

প্ৰতিবেদক, ৰঙিয়া , ১৩ আগষ্টঃ 

বাৰ কাউন্সিল অসম, নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু সদৌ অসম উকীল সন্থাৰ আহ্বানমৰ্মে আজি ৰঙিয়া উকীল সন্থাৰ উদ্যোগত এক ঘণ্টীয়া প্ৰতীক ধৰ্মঘট পালন কৰে।ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশ আদালতৰ সন্মূখত ৰাতিপুৱা ১১.৩০ বজাৰ পৰা ১২.৩০ বজালৈ তিনিদফীয়া দাবীৰ সমৰ্থনত প্ৰতিবাদী শ্লোগানেৰে আদালত চৌহদ উত্তাল কৰি তোলে।প্ৰতিবাদকাৰী সকলে আদালতৰ চৌহদত ক'ভিডৰ নিৰ্দেশনা পালন কৰি সামাজিক দূৰত্ব বজাই ৰাখি, মাস্ক পৰিধান কৰি সাব্যস্ত কৰে ধৰ্মঘট।ৰঙিয়া উকীল সন্থাৰ সম্পাদক অচ্যুত কলিতা, যুটীয়া সম্পাদক মোস্তাফা আহমেদ আৰু প্ৰাক্তন সভাপতি মকিব তালুকদাৰে তিনিদফীয়া দাবী ক্ৰমে আদালতত নিয়মীয়া কাম-কাজ প্ৰৱৰ্তন কৰা। আদালতৰ পূৰ্বৰ পৰম্পৰা অটুট ৰখা। আৰু বন্ধ কৰি ৰখা উকীল সন্থাৰ কাৰ্যালয় আৰু পুথিভঁৰাল খুলি দিয়াৰ ওপৰত বক্তব্য দাঙি ধৰে। আজিৰ ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে, উকীল সন্থাৰ সভাপতি ভাস্কৰ বৰুৱা, সম্পাদক অচ্যুত কলিতা, জ্যেষ্ঠ অধিবক্তা চিদানন্দ ডেকা, মকিব তালুকদাৰ, উৎপল ভূঞা,  মোস্তাফা আহমেদ, এলিজা বেগম  চপ্না দত্ত, ফিৰোজ আলী, জুৱেল আহমেদ, ৰিংকু দাস গুপ্ত, অৰ্চনা দাস, চায়াৰাণী কলিতা সহ ৰঙিয়াৰ আদালতৰ অধিবক্তা সকল।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা