লোক-সংস্কৃতিৰ গৱেষিকা ফুল কুমাৰী কলিতাৰ বিয়োগত গভীৰ শোক প্ৰকাশ

গুৱাহাটী, ৩০ আগষ্ট ২০২০: অসম প্ৰদেশ বিজেপিৰ সংবাদ কোষৰ মুখ্য আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলে এক প্ৰেছ বিবৃতিযোগে জনাইছে যে লোক সংস্কৃতিৰ গৱেষিকা, শিল্পী তথা বিশিষ্টা শিক্ষাবিদ ফুল কুমাৰী কলিতাৰ বিয়োগত ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে গভীৰ শোক প্ৰকাশ কৰিছে। এটা শোক বাৰ্তাত মাননীয় সভাপতি গৰাকীয়ে কৈছে যে- আয়তীৰ উৰুলি, লোক সংস্কৃতিৰ সুবাস আদিকে ধৰি ভালেমান গ্ৰন্থ ৰচনা কৰি অসমৰ লোক সংস্কৃতিৰ ভড়াল চহকী কৰি থৈ যোৱা লেখিকা গৰাকীৰ বিয়োগ অসমীয়া সাহিত্য জগতৰ বাবে অপূৰণীয় ক্ষতি। সভাপতি গৰাকীয়ে সাহিত্যিক গৰাকীৰ বিদেহ আত্মাৰ চিৰ শান্তিৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

Comments