শিৱসাগৰৰ দিচাংমুখ জেইল গাঁৱত ৭ জন ক'ভিড ১৯ ত আক্ৰান্ত

শিৱসাগৰৰ দিচাংমুখ জেইল গাঁৱত ৭ জন ক'ভিড ১৯ ত আক্ৰান্ত



ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ ,১৬ আগষ্ট : শিৱসাগৰৰ দিচাংমুখত ভয়াৱহ ৰূপত বিয়পিছে  কৰ'না ভাইৰাছ।সমগ্ৰ বিশ্ব ত্ৰাস সৃষ্টি কৰা কৰ'না ভাইৰাছে এজন ব্যক্তিৰ আনএজনলৈ ভয়াৱহ ৰূপত বিয়পিছে।কালি দিচাংমুখৰ সমীপৰ জেইল গাঁৱত ৭ গৰাকী দেহত কৰ'না ভাইৰাছৰ উপস্থিতি ধৰাৰ পৰাত অঞ্চলটো আতংকময় পৰিবেশ সৃষ্টি হয়।  উল্লেখযোগ্য যে সাত দিনৰ আগতে ভ্ৰমনৰ বৃত্তান্ত থকা উক্ত গাঁৱখনৰ নিৱাসী যগেজ্ঞৰ দাসৰ পৰীক্ষাৰ অন্তত দেহত ক'ভিড ১৯ উপস্থিতি ধৰা পৰিছিল।যগেজ্ঞৰ দাসৰ দেহত কৰ'না ভাইৰাছৰ আক্ৰান্ত হোৱাত গাঁৱখনৰ লগতে  সংস্পৰ্শলৈ অহা ব্যক্তিসকলৰ স্বাস্থ্য বিভাগৰ এটি সঁজাতি দলে স্বাব টেষ্ট কৰিছিল । তেওঁলোকৰ স্বাৱ পৰীক্ষাৰ ফলাফলত ৭ গৰাকী দেহত ক'ভিড ১৯ ত আক্ৰান্ত হয় বুলি নিশ্চিত হয় । ক'ভিড ১৯ ত আক্ৰান্ত হোৱা ৰোগীসকল ক্ৰমে-অনামিকা দাস,নীহাৰিকা দাস,ঋষভ দাস আৰু প্ৰকাশ দাস (পিতা-পুত্ৰ),মৃদুপৱন দাস,দিব্যজ্যোতি হাজৰিকা আৰু চন্দ্ৰন হাজৰিকা। কালি কেওঁজনকে স্বাস্থ্য বিভাগৰ ফালৰ পৰা ১০৮ ৰ জৰিয়তে জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰিছে বুলি জানিব পৰা গৈছে।

শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট

Comments