যুৱ মঞ্চ বৰবৰী, নলবাৰীৰ উদ্যোগত আৰু বৰবৰী ভলীবল ক'চিং চেণ্টাৰৰ সহযোগত ভলীবল প্ৰশিক্ষণে কঢ়িয়াই আনিছে আশাৰ ৰেঙনি*

ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৭ আগষ্ট*

ক্ৰীড়াজগতত নলবাৰী সদায়েই আগবঢ়া ৷ ক্ৰীড়াৰ পথাৰৰ পৰাই নলবাৰীৰ যুৱপ্ৰজন্মৰ বহুজনে ইতিমধ্যে উজলি উঠিছে ৷ নলবাৰী জিলাৰ অন্তৰ্গত যুৱমঞ্চ বৰবৰীৰ উদ্যোগত আৰু বৰবৰী ভলীবল ক'চিং চেণ্টাৰৰ সহযোগত ভলীবল খেলৰ অনুশীলন আৰম্ভ কৰা হৈছে । নলবাৰীৰ বৰবৰী ভলীবল ক্ষেত্ৰখনৰ এক অন্যতম চিনাকী নাম । সময়ে সময়ে তেওঁলোকে ভলীবলৰ প্ৰতিযোগিতা আৰু ভলীবলৰ অনুশীলনৰ জড়িয়তে বহুকেইজন প্ৰতিভাৱান খেলুৱৈৰ জন্ম দিছে । বহুকেইজনে ৰাজ্যিক পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাত অসম দলৰ জাৰ্চী পিন্ধিবলৈও সক্ষম হৈছে । কেইবছৰমান তেওঁলোকৰ এই কাম স্থৱিৰ হৈ পৰিছিল যদিওঁ পুনৰ তেওঁলোকে খেলুৱৈৰ প্ৰশিক্ষণৰ অভাৱ দূৰ কৰিবলৈ উঠি পৰি লাগিছে । এই ক্ষেত্ৰত অসম ভলীবল মিছন-১০০ ৰ অন্যতম সদস্য, প্ৰাক্তন ভলীবল খেলুৱৈ,  ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল পৰিচালক তথা শাৰীৰিক নিৰ্দেশক দেৱজিৎ ডেকাৰ আশাশুধীয়া প্ৰচেষ্টাত বৰবৰীত ভলীবলে প্ৰাণ পায় উঠিছে । লক্ ডাউনৰ বাবে যিহেতু এতিয়ালৈ চৰকাৰীভাৱে খেলপথাৰ মুকলি কৰি দিয়া নাই সেয়েহে সীমিতসংখ্যক খেলুৱৈৰ দ্বাৰা ভলীবল অনুশীলন আৰম্ভ কৰিছে প্ৰশিক্ষক ডেকাই । অনুমতি পালেই বৰবৰী ভলীবল ক'চিং চেণ্টাৰত পঞ্চাশজনতকৈও অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে । অনুশীলন আৰম্ভ কৰা বাবে বৰবৰী ভলীবল ক'চিং চেণ্টাৰক খেলপ্ৰেমী ৰাইজে ভূয়সী প্ৰশংসা কৰিছে ৷

*নলবাৰীৰ পৰা ৰূপক বৈশ্যৰ ৰিপোৰ্ট*

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা