চকলাঘাটত ধৰ্মপ্ৰাণ মহিলা ফুলেশ্বৰী তালুকদাৰৰ বিয়োগ

# চকলাঘাটত ধৰ্মপ্ৰাণ মহিলা ফুলেশ্বৰী  তালুকদাৰৰ বিয়োগ#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৫ আগষ্ট : নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাটৰ পুৰণি খাটোৱাল গাঁও নিবাসী সৰবৰহী ধৰ্মপ্ৰাণ মহিলা ফুলেশ্বৰী  তালুকদাৰৰ নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৩  বছৰ ৷ দীৰ্ঘদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ থকা সৰবৰহী মহিলা গৰাকীক গুৱাহাটীত চিকিৎসা কৰোৱাৰ পিছত চিকিৎসকৰ পৰামৰ্শ মতে বিগত কিছুদিনৰ পৰা ঘৰতে চিকিৎসা প্ৰদান কৰি থকা হৈছিল ৷ মহিলাগৰাকীৰ মৃত্যুৰ মৃত্যুৰ খবৰ পাই নশ্বৰদেহত স্থানীয় অগ্ৰনী সংগঠন "সাৰথি"ৰ কৰ্মকৰ্তা সকলৰ লগতে ভালেসংখ্যক লোক উপস্থিতি হৈ এক শোকসভা যোগে শেষ শ্ৰদ্ধা নিবেদন কৰে ৷ তেওঁৰ  মৃত্যত চকলাঘাট শাখা সাহিত্য সভা, প্ৰেছক্লাৱ, বেবেজীয়া, জাজৰি প্ৰেছক্লাৱকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে ৷ মৃত্যুৰ সময়ত তেওঁ স্বামীসহ তিনিপুত্ৰ, দুই জী-জোৱাই , নাতি নাতিনীসহ  বহু আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায় ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা